
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত চলন্ত চিটিবাছত যাত্ৰীক প্ৰহাৰ।কণ্ডাক্তৰৰ প্ৰহাৰত ৰক্তাক্ত যাত্ৰী।পবিত্ৰ দাস নামৰ যাত্ৰীগৰাকীক জোনালীৰ সমীপত বাছৰ ভিতৰতে অতি বেয়াকৈ প্ৰহাৰ কৰে কাণ্ডাক্তৰে।
উল্লেখ্য যে,AS-01GC-6339নম্বৰৰ চিটিবাছখনত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।ঘটনা সংঘটিত হোৱা পাছতেই পথৰ মাজতেই গাড়ী ৰখাই পলায়ন কৰে কালু আলি নামৰ কাণ্ডাক্টৰজনে৷
গুৰুত্বপূৰ্ণ কথা যে আক্ৰমণত যাত্ৰী গৰাকীৰ মুখমণ্ডল তেজেৰে লুতুৰী-পুতুৰী হৈ পৰে।দাঁত পৰ্যন্ত ভাঙি যায় যাত্ৰী গৰাকীৰ।চালকৰ মতে পবিত্ৰ দাসে কণ্ডাক্তৰৰ লগতে বাছত থকা অন্য যাত্ৰীসকলৰ লগতো তর্কত লিপ্ত হৈছিল।
গণেশগুৰিৰ পৰা চান্দমাৰিলৈ যোৱা অৱস্থা ঘটনাটো সংঘটিত হয়।
- Log in to post comments
- 30 views