অসমীয়া ল'ৰাক মৰা কাৰখানা 'আলফা'; আলফালৈ ভাল মানুহ নাযায়, সমাজৰ আৱৰ্জনা যায়-এ.পি ডব্লিউ

A

নিউজ ডেস্ক:

'অসমীয়া ল'ৰাক মৰা কাৰখানা 'আলফা' পৰেশ বৰুৱাই বন্ধ কৰিব লাগে।ভাল মানুহ আলফালৈ নাযায়; সমাজৰ আৱৰ্জনাহে আলফালৈ যায়।নিশা ২বজাত ভাল ঘৰৰ  ছোৱালী ঘূৰি নুফুৰে, তেনে ছোৱালী আলফালৈ গৈছে'- এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে আসাম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাই।মঙলবাৰে গুৱাহাটীৰ গৌৰী সদনত এখন সংবাদমেল সম্বোধন কৰি আলফা আৰু পৰেশ বৰুৱাৰ বিৰুদ্ধে সৰৱ হয় শৰ্মা।কোনো সন্ত্ৰাসবাদীয়ে নিজ নিজ সন্তানক সন্ত্ৰাসবাদী হ’ব নিদিয়ে।মিছা সপোন দেখুৱাই  দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীক তেওঁলোকে সন্ত্ৰাসবাদলৈ নিয়ে।আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ল’ৰা- ছোৱালীয়ে কি কৰি আছে সেই বিষয়ে অসমৰ ৰাইজে জানিব বিচাৰে বুলিও মন্তব্য কৰে শৰ্মাই।

"পৰেশ বৰুৱাই অসমৰ বাবে কি কৰিলে বুলি প্ৰশ্ন কৰি শৰ্মাই কয়- “মানুহ হত্যা, শিশু হত্যা, ধন দাবী, অপহৰণ ৰ বাহিৰে একো কৰা নাই।নতুনকৈ টিভি চেনেলত ওলোৱা এটা ট্রেণ্ড চলিছে।সাক্ষাৎকাৰসমূহে উৎসাহিত কৰিছে  নতুন চামক আলফাৰ প্ৰতি।নতুন চামে গ্লেমাৰৰ বাবে গৈছে।আলফাৰ পৰা মূলসুঁতিলৈ আহিব বিচাৰিলেই আলফাই হত্যা কৰে” বুলি বিস্ফোৰক মন্তব্য কৰে তেওঁ। 
আলফাৰ কেম্পত অসমীয়া ল’ৰাক মাৰি পৰেশ বৰুৱাই টেলিভিছনত হাঁহি ফুৰ্তি কৰি ইন্টাৰভিউ দিছে।লগতে তেওঁ কয় যে ইমান যদি কথা কবলৈ মন ইউটিউবত ভিডিঅ’ বনাই ব্ল'গাৰ হওঁক ৷
অসমৰ বুধিয়ক মুখ্যমন্ত্ৰীক পৰেশ বৰুৱাই ঠগিব।পৰেশ বৰুৱাৰ বাবে মুখ্যমন্ত্ৰী নমনীয় হোৱাৰ ফলত জাক জাক যুৱক-যুৱতী আলফালৈ গৈছে।সংবাদমেলত অসমীয়া যুৱক -যুৱতীলৈ আহ্বান জনাই  কয় যে-“আলফালৈ যোৱা বন্ধ কৰক, আলফাত একো নাই।যিসকলে আলফালৈ গৈছে তেওঁলোক ভাল ঘৰৰ নহয়,সমাজৰ আৱৰ্জনাহে”।তাৎপৰ্যপূৰ্ণ কথা এই যে যোৱা ২০১২চনৰ পৰা বৰ্তমানলৈ প্ৰায় ২১গৰাকীকৈ যুৱকক আলফাই হত্যা কৰিছে।
আনহাতে আলফাৰ  সাক্ষাৎকাৰ টেলিভিছন চেনেলত প্ৰচাৰ বন্ধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত PIL দাখিল কৰিব এ পি ডব্লিউৱে।
ইপিনে সামাজিক মাধ্যমত আলফাৰ এজেন্ট হিচাপে কাম কৰা, আলফাৰ সমৰ্থনত বা আলফাৰ নীতিক আগস্থান দি লিখা গ্ৰন্থ, সাক্ষাৎকাৰ বন্ধ কৰিব লাগে।বিশেষকৈ চাংলাত ফেংলাৰ দৰে গ্ৰন্থই উৎসাহিত কৰিছে একাংশ নৱপ্ৰজন্মক।
ইয়াৰ উপৰিও শৰ্মাই বিস্ফোৰণ ঘটাই কয়- ৰাজ্যৰ উচ্চ শিক্ষিত মিঞা ল’ৰা-ছোৱালী বহিঃৰাষ্ট্ৰলৈ গুচি গৈছে।সেই সকলে এদিন গাত বোমা বান্ধি অসমলৈ আহিব।

Your Comments