NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে চিআইডিত দেশদ্ৰোহৰ গোচৰ ৰুজু

A

B

নিউজ ডেস্ক:
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ।দেশদ্ৰোহৰ ধাৰাত বৃহস্পতিবাৰে চিআইডিত গোচৰ ৰুজু কৰিছে বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ৷
উল্লেখ্য যে হাজেলাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰে আপোচ কৰাৰ গুৰুতৰ অভিযোগ উথ্থাপন কৰিছে এজাহাৰত।বিশেষ ছফ্টৱেৰৰ জৰিয়তে এন আৰ চিত সন্দেহজনক ব্যক্তিৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ উথ্থাপিত হৈছে ৷ ইয়াৰ উপৰিও এন আৰ চিৰ উন্নীতকৰণত বংশবৃক্ষৰ হোৱা নাছিল সঠিক পৰীক্ষা।এজাহাৰত হাজেলাৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো অৱমাননাৰ অভিযোগ আছে।
তাৎপৰ্যপূৰ্ণ কথা এই যে বংশবৃক্ষ পৰীক্ষণত ব্যৱহৃত ছফটৱেৰক লৈয়ো এজাহাৰত আছে বিস্ফোৰক অভিযোগ।যিটো ছফ্টৱেৰ ব্যৱহাৰ কৰিছিল তাত নাছিল গুণগত পৰীক্ষা ব্যৱস্থা।হাজেলাৰ উপৰিও আছে গোচৰত একাংশ বিষয়াৰ নাম।ভাৰতীয় দণ্ডবিধি 120B/166A/167/181/ 218/420/466/RW SEC 34 ধাৰাত গোচৰ ৰুজু কৰিছে চি আই ডিয়ে।
 অ'আই(OI)ৰ ক্ষেত্ৰতো ব্যাপক জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উথ্থাপিত কৰিছে  বৰ্তমানৰ সমন্বয়কগৰাকীয়ে ৷

Your Comments