
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি হোজাই জিলাৰ শংকৰদেৱ নগৰত
উপস্থিত হয় শিক্ষা মন্ত্ৰী ৰনোজ পেগু।
উল্লেখ্য যে,হোজাইৰ উপায়ুক্ত কাৰ্যালয়ত জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত এক পৰ্যবেক্ষণমূলক বৈঠকত মিলিত হয় ।
বৈঠকত জিলা উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক তথা বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতি আৰু সাহায্যৰ বিষয়ত বুজ লয় মন্ত্ৰী গৰাকীয়ে ।
বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে আয়োজিত গুৰুত্বপূৰ্ণ বৈঠকখনত লামডিং আৰু হোজাই সমষ্টিৰ বিধায়কদ্বয় শিবু মিশ্ৰ আৰু ৰামকৃষ্ণ ঘোষ উপস্থিত থাকে ।
মন্ত্ৰী গৰাকীয়ে কয় যে
“হোজাইত ৪৩ খন গাওঁ আৰু প্ৰায় এক লাখ লোক ক্ষতিগ্রস্ত হৈছে ৷
ইতিমধ্যে হোজাই জিলাৰ প্ৰতিটো বানপানী অঞ্চলৰ পৰা বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰা হৈছে।”লগতে তেওঁ কয় “বানবিধ্বস্ত সকলো স্থানতে প্ৰশাসনৰ লোকৰ উপস্থিতি আৰু প্রয়োজনীয় সকলো সাহায্য আগবঢ়োৱাৰ বাবে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলক নিৰ্দেশনা দিয়া হৈছে ৷বানপীড়িত অঞ্চলত গুনোৎসৱ কেতিয়া পতা হ’ব এই সম্পৰ্কে পৰৱৰ্তী সময়ত জনোৱা হ’ব ৷”
হোজাই জিলা খনত ৯০০ বিদ্যালয়ৰ ভিতৰত ১৩১ খন বিদ্যালয় ক্ষতিগ্রস্ত হৈছে।
একেদৰে শালমাৰাত ৭৬ খন , হাইলাকান্দিত ৪৫ খন বিদ্যালয় ক্ষতিগ্রস্ত হৈছে য'ত গুনোৎসৱ অনুষ্ঠিত কৰা নাযাব বুলি মন্ত্ৰী ৰনোজ পেগুয়ে জানিবলৈ দিয়ে ।
- Log in to post comments
- 81 views