ডিমা হাছাও, বৰাক উপত্যকা আৰু হোজাইৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, পঢ়ক

A

নিউজ ডেস্ক:

ডিমা হাছাও, হোজাই আৰু বৰাক উপত্যকাৰ শেহতীয়া পৰিস্থিতিক লৈ বিশদ আলোচনা হিমন্ত বিশ্ব চৰকাৰৰ  কেবিনেটত।ডিমা হাছাওত খাদ্য-সামগ্ৰীৰ নাটনি ৰুধিবলৈ বায়ুসেনাৰ জৰিয়তে যোগান ধৰা হৈছে সামগ্ৰী।বুধবাৰে ৪মেট্ৰিকটন প্ৰেৰণ কৰাৰ বিপৰীতে বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ ১২মেট্ৰিকটন সামগ্ৰী প্ৰেৰণ কৰা হ’ব।যোৰহাটৰ পৰা বায়ুসেনাই সামগ্ৰী লৈ উৰা মাৰিব পাহাৰীয়া জিলা খনলৈ- এই কথা জনাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে জিলাখনৰ বিধ্বস্ত ৰেলপথ মুকলি কৰাৰ বাবে প্ৰায় ৪৫দিনৰ  প্ৰয়োজন হ'ব।লামডিং-জাতিংগালৈ স্থলপথ যাতায়তৰ বাবে মুকলি হৈছে।জাতিংগা-হাফলঙলৈ মুকলি কৰাৰ বাবে প্ৰচেষ্টা কৰি থকা হৈছে।মন্ত্ৰী বিমল বৰা, মন্ত্ৰী যোগেন মহনক জিলাখনলৈ যোৱাৰ নির্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।
একেদৰে বৰাক উপত্যকাত আবদ্ধ হৈ থকা জনতাক উদ্ধাৰ কৰাৰ বাবে বৃহস্পতিবাৰৰ পৰা গুৱাহাটী আৰু শিলচৰৰ মাজত চলাচল কৰিব 'ফ্লাই বিগ বিমান' সেৱা।ৰাজ্যিক কেবিনেটে বিমানখনৰ ভাড়া ৩০০০টকা ধাৰ্য কৰিছে।আগন্তুক ১০দিনলৈ চলাচল কৰিব বিমানসেৱা।পৰিস্থিতি স্বাভাৱিক থাকিলে বৰাক উপত্যকাৰ স্থলপথ সেৱা বৃহস্পতিবাৰৰ পৰা মুকলি হ’ব ৷
ইফালে হোজাই জিলাতো বান পৰিস্থিতি বুজ লোৱাৰ বাবে মন্ত্ৰী অতুল বৰা আৰু ৰনোজ পেগুক ভ্ৰমণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,ডিমা হাছাওল ভয়ংকৰ পৰিস্থিতিত এই পৰ্যন্ত ৮ জনৰ মৃত্যু হৈছে।মৃত ব্যক্তিৰ পৰিয়ালক ৪লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ জিলা প্ৰশাসনক নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ ৷
উল্লেখ্য যে ৰাজ্যৰ বৰ্তমানলৈ প্ৰায় ২৬খন জিলা বানপানীৰ কবলত পৰিছে।

Your Comments