
নিউজ ডেস্ক:
শিলসাঁকোবাসীক লগত লৈ গুৱাহাটী কঁপাবলৈ সাজু বিধায়ক অখিল গগৈ।২৩মে'ত গুৱাহাটীত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা অখিলৰ।
শিলসাঁকোৰ উচ্ছেদিতৰে সৈতে অনুষ্ঠিত ৰাইজমেলত এই সিদ্ধান্ত বিধায়ক গৰাকীৰ।উচ্ছেদিত স্থানত অনুষ্ঠিত হৈছিল ৰাইজ মেল।উপস্থিত ৰাইজৰ সৰ্বসন্মতি ক্ৰমে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।শিলসাঁকো উচ্ছেদক বিজেপিৰ ঐতিহাসিক অন্যায় আখ্যা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।উল্লেখ্য যে,শিলসাঁকো উচ্ছেদৰ আজি পাঁচদিন উকলিল।বৰ্তমানো উচ্ছেদিত জনতাই ঠিকনা বিচাৰি হাহাকাৰ সৃষ্টি কৰিব লগা হৈছে।
ইফালে ৰাইজ মেলত গুৱাহাটীৰ উন্নয়ন সমিতিসমূহে যৌথভাৱে মিলিত হৈ উচ্ছেদ স্থগিত ৰখাৰ দাবী জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজহ মন্ত্ৰী যোগেন মহনক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত লয়।
তাৎপৰ্যপূৰ্ণ কথা এই যে,বুধবাৰে অনুষ্ঠিত হোৱা ৰাইজ মেলত উচ্ছেদিত জনতাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।শিলসাঁকোৰ ১০০মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা প্ৰভাৱশালী বদৰুদ্দিন আজমলৰ বিলাসী হোটেল, হিম্মতসিংকাৰ বিলাসী অট্টালিকা, জয়ন্তমল্ল বৰুৱাৰ বিলাসী অট্টালিকা, টাটা জিনজা হোটেলত উচ্ছেদ নচলা বুলি অভিযোগ উত্থাপন কৰে উচ্ছেদিত জনতাই।
- Log in to post comments
- 8 views