
নিউজ ডেস্ক:
সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ ২৭সংখ্যক মৃত্যু দিৱস উপলক্ষে প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰয়াত দাসৰ মৃত্যুৰ দিনটো পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ২০২২ প্ৰদান কৰে।প্ৰাগ নিউজৰ মুখ্য সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুক প্ৰদান কৰে এই বঁটা।বঁটাত আছে এখন ফুলাম গামোচা, স্মাৰক, সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপা আৰু ২৫ হাজাৰ টকা।
গুৱাহাটী প্ৰেছ ক্লাবত বঁটা গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক ৰাজগুৰুৱে কয় যে- পৰাগ কুমাৰ দাস নামৰ বঁটাতো পাই গৌৰৱান্বিত।তেওঁক যদি আমি সকলোৱে মিলি বঁটা এটা দিব পাৰিলো হয় বেছি ভাল পালো হয়। কিন্তু তেওঁ সেইবিলাকলৈ ৰৈ নাথাকিল।দাসৰ মৃত্যু অসমীয়া জাতীয় জীৱনৰ সাংবাদিকতাৰ বাবে বৃহৎ ক্ষতি।এই ক্ষতি কোনেও পূৰণ কৰিব নোৱাৰে।বিগত ২৬বছৰে এই ক্ষতি পূৰণ হোৱা নাই।নিকট অৱস্থাৰ পৰা যিয়ে পাইছে কেতিয়াও পৰাগ দাসৰ কৰ্মৰাজি পাহৰিব নোৱাৰে।লগতে কয় “মোক যি সময়ত এই বঁটা প্ৰদান কৰা হৈছে সেই সময়ত দেশজুৰি সাংবাদিকে ডাঙৰ সংকটৰ সন্মুখীন হৈছে।এই সংকট বিশ্বাস যোগ্যতাৰ সংকট।বিশ্বাস যোগ্যতাৰ সংকটৰ পৰা মুক্ত হ’বৰ বাবে যিসকল সাংবাদিকে নিষ্ঠাৰে কাম কৰি আছে তেওঁলোক এই বঁটাৰ অংশীদাৰ ৷”
বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী লিখক ড° দীনেশ চন্দ্ৰ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডীন অফ চায়েন্সৰ অধ্যাপক দ্বীপেন বেজবৰুৱা, সাংবাদিক দিলীপ চন্দন উপস্থিত থাকি চমু বক্তব্য আগবঢ়ায়।
সাংবাদিক বেদব্ৰত বৰাই আঁত ধৰা অনুষ্ঠানটোত সাহিত্যিক নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ পত্নী বিবি বৰঠাকুৰক সম্বৰ্ধনা জনোৱাৰ লগতে পৰাগ কুমাৰ দাস স্মৃতি ৰক্ষা সমিতিয়ে প্ৰকাশ কৰা গ্ৰন্থ 'পঁচিশ বছৰীয়া ইতিহাসৰ সাৰকথা' উন্মোচন কৰা হয়।
- Log in to post comments
- 6 views