মৰিগাঁৱত শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্র অসমৰ উদ্যোগত পৰাগ স্মৰণ অনুষ্ঠান

A

নিউজ ডেস্ক:
 অসমত স্বতন্ত্ৰ অৰ্থনৈতিক বিকাশ কৰাটো সম্ভৱ নহয় বুলি শাসকীয় পক্ষ সমূহে যি ধ্যান -ধাৰণা অসমৰ খিলঞ্জীয়া লোকৰ মাজত সুমুৱাই দিলে তাৰ পৰা আজিও মুক্ত হব পৰা নাই অসমৰ খিলঞ্জীয়া লোক সকল। যাৰ বাবে অসমৰ খিলঞ্জীয়া লোক সকলৰ মাজত কৰ্ম স্পৃহা কমি গৈছে  ৷এই মন্তব্য প্ৰবন্ধকাৰ,সমালোচক মিলেশ্বৰ পাতৰৰ।অসমৰ বিশিষ্ট মানৱাধিকাৰ কৰ্মী,সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৭ তম মৃত্যু বাৰ্ষিকীত শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্র অসমৰ উদ্যোগত মৰিগাঁৱৰ পৰাগ নিকেতনত অনুষ্ঠিত হোৱা পৰাগ স্মৰণ অনুষ্ঠান আৰু আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে ভাষণ প্ৰদান কৰি পাতৰে কয় যে ,চৰকাৰৰ আঁচনি সমূহে সৰ্বসাধাৰণ লোক সকলক কৰ্মবিমুখিতা কৰি তুলিছে। চৰকাৰ তথা শাসক শ্ৰেণীৰ নীতি সমূহে বহিৰাগত পূ্ঁজিপতি সমূহক যি ৰঙাদলিচা পাৰি দিছে তাৰ বাবে খিলঞ্জীয়া লোক সকলক সজাগ আৰু সচেতন হবলৈ আহ্বান জনায় ।শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্র অসমৰ কাৰ্যকৰী সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ সঞ্চালনাত আৰু সাধাৰণ সম্পাদক তথা মাছ'ৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখন উদ্ধোধন কৰি মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই কয় পৰাগ কুমাৰ দাসৰ নিভাঁজ অসমপ্ৰেম আৰু খিলঞ্জীয়াৰ স্বাৰ্থৰ প্ৰশ্নত আপোচহীন স্থিতিৰ তুলনা নাই ।সেয়ে তেওঁ চিন্তা চৰ্চা তথা প্ৰাসংগিকতা বুদ্ধি পোৱা বুলি মন্তব্য কৰে।শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্র অসমৰ যুটীয়া সম্পাদক জিতুমনি নাথে আঁত ধৰা সভাখনত জ্যেষ্ঠ সাংবাদিক ডালিম ফুকনে শাসক শ্ৰেণী সমূহে ৰূপায়ণ কৰা নীতি সমূহৰ জৰিয়তে বজাৰ আৰু পথাৰ নিয়ন্ত্ৰণৰ লগতে সকলো ধৰণৰ অধিকাৰ খিলঞ্জীয়াৰ হাতৰ পৰা আতৰি যোৱাৰ উপক্ৰম হৈ পৰা বুলি মন্তব্য কৰে।কৃষক সংঘৰ সম্পাদক তুলসী ডেকাই ভাষণ প্ৰসংগত কৃষক সকলে নিজৰ অধিকাৰ কেনেদৰে হেৰুৱাবলৈ ধৰিছে তাৰ ওপৰত গুৰুত্ব পূৰ্ণ ব্যাখ্যা আগবঢ়ায় ৷ শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ৰাজেন ডেকা,চেম্বাচ অব কমাৰ্চৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক মিলন ডেকা,সাংবাদিক প্ৰণৱ কুমাৰ ভট্টাচাৰ্য ,জিলা গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি ইমদাদ আহমেদকে আদি কৰি বহু কেইটা দল সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা আলোচনা চক্ৰ খনিৰ পূৰ্বে শ্বহীদ পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য তথা জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই। ইয়াৰ পিছতেই বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভৰাম্ভ কৰে মৰিগাঁও লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা পোনা দেৱী মহন্ত,সভানেত্ৰী স্মৃতিৰেখা গোহাঁই,লেখিকা সংস্থাৰ সভানেত্ৰী শেৱালি বৰকটকী,সম্পাদিকা ৰীতা মিশ্র,অসম সাহিত্য সভাৰ "আকাশ" উপ সমিতিৰ আহ্বায়িকা স্বপ্না কলিতা,জ্যেষ্ঠ নাগৰিক মুকুল কাকতি,অখিল ভাৰতীয় সাহিত্য পৰিষদৰ যুটীয়া সম্পাদক জ্যোতিষ বর্মন,জিলা মাছ'ৰ সচিব মানিক নাথ,জিলা ক্ৰীড়া সন্হাৰ যুটীয়া সম্পাদক জয়ন্ত কুমাৰ ডেকা আৰু জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি ৰমেশ কাকতিয়ে ৷

 

Your Comments