কনিষ্টবল নিযুক্তি পৰীক্ষাত ভুৱা প্ৰমাণপত্ৰ দিয়া ৪১৪গৰাকী প্ৰাৰ্থী CIDত হাজিৰ

A

নিউজ ডেস্ক:

অসম আৰক্ষীৰ সদ্য নিযুক্তি প্ৰক্ৰিয়াত ভুৱা প্ৰমাণপত্ৰ জমা দিয়াৰ অভিযোগত ৪১৪গৰাকী প্ৰাৰ্থীক চিআইডিত তলব।চি আই ডিত অসম আৰক্ষীৰ অভিযোগৰ ভিত্তিত ৰুজু হোৱা ৫/২২নম্বৰ গোচৰৰ ভিত্তিত হাজিৰ হয় প্ৰাৰ্থী সকল।উল্লেখ্য যে নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰাকক্ষণত ৪১৪জন প্ৰাৰ্থীয়ে জমা দিয়া কম্পিউটাৰ প্ৰমাণপত্ৰ ভুৱা বুলি ধৰা পেলাইছিল এছ.এল.পি.আৰ.বিয়ে।আজি উলুবাৰীস্থিত চি আই ডি কাৰ্যালয়ত হাজিৰ হয় অভিযুক্ত প্ৰাৰ্থীসকল ৷
ইফালে কনিষ্টবলৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে অসম আৰক্ষীয়ে ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট জমা দিয়া প্ৰাৰ্থীসকলৰ বিৰুদ্ধে চিআইডিত গোচৰ ৰুজু কৰাৰ কথা অৱগত কৰিছিল।তাৎপৰ্যপূৰ্ণ কথা এই যে , অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত প্ৰাৰ্থীসকল উত্তীৰ্ণ হৈছিল যদিও ভুৱা প্ৰমাণপত্ৰ জমা দিয়াৰ অভিযোগত চাকৰি লাভৰ পৰা বঞ্চিত হৈছিল।
আনহাতে ভুৱা প্ৰমাণপত্ৰৰ অভিযোগত কনিষ্টবলৰ চাকৰি লাভৰ পৰা বঞ্চিত হোৱাৰ পাছতে যোৱা শুকুৰবাৰে উক্ত ৪১৪গৰাকী প্ৰাৰ্থী দ্বাৰস্হ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।WP(C) ৩১৭৫/২২নম্বৰত ন্যায়ালয়ে অহা বৃহস্পতিবাৰে অসম আৰক্ষীক ভুৱা প্ৰমাণপত্ৰৰ উপযুক্ত প্ৰমাণ দিবলৈ ইতিমধ্যে নির্দেশ দিছে।
ইফালে চিআইডিত হাজিৰ হোৱা অভিযুক্ত প্ৰাৰ্থীসকলে কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াত কোনো ভুৱা নথিপত্ৰ জমা দিয়া নাই  বুলি মন্তব্য কৰি কয়- ভুৱা প্ৰমানপত্ৰ যদি  দিছিলোঁ সেয়া প্ৰমাণ সহকাৰে জনাব লাগিব।ঘটনাটো সঠিক ভাৱে তদন্ত কৰিব লাগে।
উল্লেখ্য যে, যোৱা ১৪মে'ত অসম চৰকাৰে প্ৰদান কৰিছিল অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি পত্ৰ।৯১৭১টা পদৰ বাবে অনুষ্ঠিত হৈছিল আৰক্ষী কনিষ্টবলৰ নিযুক্তি পৰীক্ষা।

Your Comments