
নিউজ ডেস্ক:
গুৱাহাটীৰ শিলসাকোঁৰ উচ্ছেদক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ সদৌ অসম ট্ৰাইবেল সংঘ।চৰকাৰে ভূমিপুত্ৰক উচ্ছেদ নকৰা বা বন আইনৰ অধীনত ভূমিপট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি উচ্ছেদ কৰাৰ গুৰুতৰ অভিযোগ সংঘৰ।সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সংঘৰ নেতা আদিত্য খাকলাৰীয়ে কয়- শিলসাকোঁ বিলৰ উচ্ছেদৰ ক্ষেত্ৰত বিপৰীত স্থিতি গ্ৰহণ কৰিছে চৰকাৰে।চৰকাৰে কোনোধৰণৰ অগ্ৰিম জাননী প্ৰেৰণ নকৰাকৈ বৰ্বৰভাৱে উচ্ছেদ কৰে তাত বসবাস কৰি থকা জনজাতীয়সকলক।
খাকলাৰীয়ে ক্ষোভ প্ৰকাশ কৰি কয়-“মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে।আমাৰ জনজাতীয় লোকসকলক উচ্ছেদ কৰিলে।উচ্ছেদিত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দি পুনৰ সংস্থাপন কৰিব লাগে৷এই লোকসকল কেনেকৈ তাত বহিছিল প্ৰথমে তাক তদন্ত কৰিব লাগিছিল চৰকাৰে।কমিচনৰ অংকত শিলসাঁকো বিলত তেওঁলোকক বহিবলৈ দিয়াৰ অভিযোগ উথ্থাপন কৰিছে ৷”
ইফালে শিলসাকোঁ বিলত থকা দুখনকৈ হোটেল আৰু বিলাসী এপাৰ্টমেন্টত প্ৰশাসনে বুলডজাৰ নচলোৱাৰ প্ৰসংগক দুৰ্ভাগ্যজনক আখ্যা সদৌ অসম ট্ৰাইবেল সংঘৰ।
আনহাতে সংবাদমেলতে অনুসূচীত জনজাতিৰ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক কাৰ্যালয়ত নোযোৱাকৈ শ্ৰেণী কোঠাতে জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ চৰকাৰী সিদ্ধান্তক আদৰণি জনাইছে সংঘই।২০০৯চনৰ পূৰ্বে বহু অ-জনজাতীয় লোকে বিভিন্ন কৌশলেৰে জালিয়তি কৰি জনজাতীয় প্ৰমাণ পত্ৰ উলিয়াই বিভিন্ন সুবিধা গ্ৰহণ কৰিছিল।সেইহেতুকে ২০০৯চনৰ পূৰ্বৰ সমূদায় জাতিগত প্ৰমাণপত্ৰৰ শুদ্ধতা নিৰূপন কৰিব লাগে বুলিও খাকলাৰীয়ে কয়।
- Log in to post comments
- 29 views