অসম আৰক্ষীৰ সদ্য নিযুক্তিত ভুৱা প্ৰমাণ পত্ৰ জমা দিয়া ৪১৪গৰাকী প্ৰাৰ্থীৰ বিপদ; চিআইডিত গোচৰ ৰুজু

A

নিউজ ডেস্ক:

অসম আৰক্ষীৰ সদ্য নিযুক্তি প্ৰক্ৰিয়াত ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট জমা দিয়া ৪১৪গৰাকী প্ৰাৰ্থী যিকোনো মুহূৰ্তত হ’ব পাৰে গ্ৰেপ্তাৰ।অসম আৰক্ষীয়ে চিআইডিত প্ৰাৰ্থীসকলৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।দেওবাৰে এই কথা অৱগত কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।চিআইডিত ৫/২২নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।উল্লেখ্য যে শনিবাৰে অসম চৰকাৰে নিযুক্তি প্ৰদান কৰিছে আৰক্ষীত।উক্ত নিযুক্তি প্ৰক্ৰিয়াত ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট জমা দিয়া ৪১৪ গৰাকী প্ৰাৰ্থীক ইতিমধ্যে চিনাক্ত কৰিছে আৰক্ষীয়ে- এই কথা অৱগত কৰে মহন্তই।
ইফালে ভুৱা চাৰ্টিফিকেট জমাৰ অভিযোগত নিযুক্তিৰ পৰা বাদ পৰা ৪১৪গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।ন্যায়ালয়ে অহা বৃহস্পতিবাৰৰ ভিতৰত অসম আৰক্ষীক ভুৱা চাৰ্টিফিকেটৰ প্ৰসংগত উত্তৰ দিবলৈ সময় বান্ধি দিছে।

Your Comments