আলফা(স্বা)লৈ অসমীয়া যুৱক-যুৱতী গৈছে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে কবিতা মাতিছে

A

নিউজ ডেস্ক:

ৰাজ্যত নিতৌ একাংশ যুৱক-যুৱতী আলফা মুখী হৈ উঠা খবৰে সচেতন সমাজক চিন্তিত কৰি তোলাৰ সময়তে বিষয়টোক লৈ একেবাৰে চিন্তিত নহয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত!আলফাত একাংশ অসমীয়া  যুৱক-যুৱতীয়ে যোগদান কৰাক লৈ ডিজিপিয়ে কবিতা আওৰাইছে ৷
ৰাজ্যৰ একাংশ যুৱক-যুৱতীৰ আলফা গমনক লৈ কিয় কবিতা মাতিলে ডিজিপিয়ে!নৱপ্ৰজন্মক সশস্ত্ৰ সংগ্রাম লৈ যোৱা উদগনি দিছে নেকি ডিজিপিয়ে তাক লৈও এতিয়া প্ৰশ্নৰ অৱতাৰণা  হৈছে।
আজি উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ এখন সংবাদমেলত আলফাত নিতৌ নৱপ্ৰজন্মৰ যোগদানৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মহন্তই 'আহিছে মানুহ গৈছে মানুহ' শীর্ষক চন্দ্ৰকুমাৰ আগৰৱালাৰ 'মানৱ বন্দনা' কবিতাটোৰ পংক্তি আওৰায় ৷
আনহাতে মন্ত্ৰী সঞ্জয় কৃষাণক আলফাই ভাবুকি দিয়া আৰু ২৪ঘণ্টাৰ ভিতৰত ক্ষমা খোজা প্ৰসংগত কোনো কথা অৱগত নহয় বুলি ডিজিপিয়ে কয়।তাৎপৰ্যপূৰ্ণ কথা এই যে নিতৌ আলফাত নতুন নতুন যোগদানৰ খবৰে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে।

Your Comments