
নিউজ ডেস্ক:
গুৱাহাটীৰ খানাপাৰাত অসম চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি মেলাৰ দিনটোতে অসম বিধানসভা ১৪নং গেটৰ সন্মুখত চাকৰিৰ পৰা বঞ্চিত একাংশ দিব্যাংগ প্ৰাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে দিছপুৰ।
উল্লেখ্য যে সকলো হোৱাৰ পাছতো টেটৰ নিযুক্তিৰ পৰা বাদ পৰিল ৬৬৮ জনকৈ বিশেষভাৱে সক্ষম টেট উত্তীৰ্ণ প্ৰাৰ্থী।একমাত্ৰ পৃথককৈ মেডিকেল ভেৰিফিকেচনৰ নামত নিযুক্তিৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উথ্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ।
তাৎপৰ্যপূৰ্ণ কথা এই যে বিগত মাৰ্চৰ পৰা আজি পৰ্যন্ত নহ’ল ভেৰিফিকেচন।যাৰ ফলত নিযুক্তিৰ পৰা আজি বঞ্চিত হ’ল এইসকল বিশেষ ভাৱে সক্ষম লোক।
- Log in to post comments
- 19 views