গুৱাহাটীৰ শিলসাঁকো বিলৰ উচ্ছেদ বন্ধ ৰখাৰ দাবী ভূমি সংগ্রাম সমিতিৰ

A

নিউজ ডেস্ক:

প্ৰতিকুল বতৰকো নেওচি শুক্ৰবাৰে পুৱাই মহানগৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান।মহানগৰীৰ চচলস্থিত শিল সাঁকোবিলত প্ৰশাসনৰ এস্কেভেটৰৰ সহায়ত চলিল এই উচ্ছেদ অভিযান।শিলসাঁকো বিলত থকা প্ৰায় শতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে উচ্ছেদিত ঠাইত থকা মন্দিৰ আদিতো পৰিল প্ৰশাসনৰ এস্কেভেটৰৰ হাতোৰা।উচ্ছেদৰ পিছতে দল-সংগঠনে প্রকাশ কৰিছে প্ৰতিক্ৰিয়া।বিকল্প  সংস্থাপনৰ অবিহনে উচ্ছেদ বন্ধ ৰখাৰ  আহ্বান জনাইছে চৰকাৰক।শিলসাঁকো বিলত চলা উচ্ছেদক দুৰ্ভাগ্যজনক আখ্যা দি ভূমি সংগ্ৰাম সমিতি অসমৰ সভাপতি তথা গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সম্পাদক প্ৰবীণজ্যোতি  কলিতাই বিকল্প অবিহনে উচ্ছেদ বন্ধ ৰাখিব লাগে বুলি মন্তব্য কৰে।চৰকাৰে ভূমিৰ পট্টা দিয়াক লৈ ৰাজনীতি কৰি আছে।কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মহানগৰীত যি য’ত বাস কৰি আছে সকলোকে মাটিৰ পট্টা দিব বুলিও কৈছিল।কিন্তু তাৰ পিছত প্ৰতিকুল বতৰক নেওচি শিলসাঁকোত উচ্চেদ অভিযান চলাইছে।
গুৱাহাটী মহানগৰীত বাস কৰা ৮৫হাজাৰ পৰিয়ালৰ ভূমিপট্টা নাই।তাৰ ভিতৰত পাহাৰত ৬৫হাজাৰ আৰু সমতলত ২০হাজাৰ পৰিয়াল বাস কৰে।
বেদখল কৰিবলৈ চৰকাৰে নিজে উৎসাহিত কৰে।সেই স্থান সমূহত চৰকাৰে পানী লাইটৰ সুবিধা দিয়ে।ইয়াৰ পিছতে উচ্ছেদ চলায়।চৰকাৰে দুমুখীয়া নীতি গ্ৰহণ কৰিছে বুলি তেওঁ কয়। 
জি এম চিৰ নিৰ্বাচনৰ আগলৈ উচ্ছেদ বন্ধ ৰাখিছিল। শিলসাঁকো বিলৰ ৬০২নম্বৰ মাটিৰ দাগটো যদি জলাশয়তে পৰে তেনেহলে বাছি বাছি কিয় উচ্ছেদ কৰিলে বুলি তেওঁ প্ৰশ্ন কৰে।সেয়েহে বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ বন্ধ ৰাখিবলৈ চৰকাৰক দাবী জনায় তেওঁ।

Your Comments