গুৱাহাটীৰ শিলসাঁকোত উচ্ছেদিতৰ বিননি; আমি জনজাতীয় মানুহ, বাংলাদেশী নহয়

A

নিউজ ডেস্ক:

প্ৰতিকুল বতৰকো নেওচি মহানগৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান।গুৱাহাটীৰ চচলস্থিত শিলসাঁকো বিলতকালি পুৱাৰে পৰা বে-দখলকাৰীৰ বিৰুদ্ধে
চলে জিএমচিৰ এস্কেভেটৰ ৷ বিলত থকা প্ৰায় ৫০টা পৰিয়ালৰ বাসগৃহত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান।
উল্লেখ্য যে,আৰক্ষী অৰ্ধ-সামৰিক বাহিনীৰ বিশাল বাহিনী দল লৈ প্ৰশাসনে আৰম্ভ কৰে উচ্ছেদ অভিযান।
তাৎপৰ্যপূৰ্ণ কথা এই যে, উচ্ছেদিত পৰিয়ালৰ অভিযোগ কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ এনেদৰে প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান।ইয়াকে লৈ প্ৰশাসন আৰু উচ্ছেদকাৰীৰ মাজত সৃষ্টি হয় খণ্ড যুদ্ধ।শিলসাঁকো বিলৰ প্ৰায় ১০০মিটাৰ ব্যাসাৰ্ধ সামৰি চলিছে অভিযান।
উচ্ছেদিতৰ দাবী "আমি জনজাতীয় মানুহ, বাংলাদেশী নহয়।"
ইফালে গুৱাহাটীৰ শিলসাঁকো বিল উচ্ছেদক লৈ গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালৰ সদম্ভ ঘোষণা শিলসাঁকো বিল উচ্ছেদ হ’বয়ে।গুৱাহাটীত অতিৰিক্ত পানী জমা হোৱা এখন বৃহৎ বিল আছিল শিলসাঁকো৷ কিন্তু শিলসাঁকোত গোটেই মানুহ সোমাইছে।শিলসাঁকো বিল উচ্ছেদ কৰাৰ পাছতো মানুহ সোমাই যায়, কিন্তু এইবাৰ ফেনচিঙৰ ব্যৱস্থা কৰি আছো।
পূৰ্বতেও বহুবাৰ জিএমচিয়ে উচ্ছেদ কৰে যদিও পুনৰ তাত বসতি স্থাপন কৰে৷কালি পুৱাৰে পৰা প্ৰশাসনৰ বুলডেজাৰ চলিল শিলসাঁকোৰ অবৈধ দখলকাৰীৰ বিৰুদ্ধে ।নিজৰ বাসগৃহ হেৰুৱাই ক্ষোভত ভাঙি পৰিছে একাংশ উচ্ছেদিত।

Your Comments