লতাশিলত হাইস্কুল টেট নিযুক্তিত বঞ্চিত প্ৰাৰ্থীৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:

হাইস্কুল টেট নিযুক্তিত বঞ্চিত প্ৰাৰ্থীয়ে  গুৱাহাটীৰ লতাশিল খেলপথাৰত শুকুৰবাৰে সাব্যস্ত কৰে এক প্ৰতিবাদী কাৰ্যসূচী ।গ্ৰেছ মাৰ্ক লৈ টেট উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ।
উল্লেখ্য যে ,“গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ বহু প্ৰাৰ্থীয়ে প্রথম পৰ্যায়ত নিযুক্তি পালে।সেইসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াত নাছিল কোনো বাধা, কিন্তু আমি বঞ্চিত হৈছোঁ”- ক্ষোভিত প্ৰাৰ্থী সকলে এইদৰে কয়।
গুৰুত্বপূৰ্ণ কথা এই যে ,“অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত মৰ্মে ৩৫৬৪জনক নিযুক্তিৰ বিজ্ঞাপন জাৰি কৰিছিল ৷বিজ্ঞাপন প্রকাশ পোৱাত আৱেদন কৰিলো ৷গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব বুলি বিজ্ঞাপনটোত উল্লেখ নাছিল।ফলত মেৰিট তালিকা প্ৰকাশ হ’ল ৷গ্ৰেছ মাৰ্ক পোৱা প্ৰাৰ্থীৰো নাম আহিল ৷কিন্তু বৃহস্পতিবাৰে অসম চৰকাৰে হঠাৎ ঘোষণা কৰিলে ২২২১ গৰাকীক নিযুক্তি দিব বুলি।গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা মেৰিটত নাম অহা ১৩৪৩গৰাকী প্ৰাৰ্থী বঞ্চিত হ’ব”- ক্ষোভিত প্ৰাৰ্থীসকলে এইদৰে কয় ৷
তাৎপৰ্যপূৰ্ণ কথা এই যে শনিবাৰে অসম চৰকাৰে একলাখ চাকৰিৰ প্ৰথম পৰ্যায়ত ২৩ হাজাৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব।তাৰ ভিতৰত টেট উত্তীৰ্ণ সকলো আছে।ইফালে মুখ্যমন্ত্ৰীক বঞ্চিত প্ৰাৰ্থীসকলে বিষয়টো পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে ৷

Your Comments