গুৱাহাটী জনতাৰ আজি দুৰ্ভোগ; ২৪ঘন্টাৰ বাবে বন্ধ পেট্ৰ’ল-ডিজেল, ৰাজপথত কৃত্ৰিম বানপানী

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত জনতাই আজি চৰম দুৰ্ভোগ ভুগিব লগা হৈছে।এফালে যদি যান-বাহনৰ গৰাকী চিন্তাত পৰিছে পেট্ৰ’ল -ডিজেল ক’ত পাব;অন্য ফালে আকৌ মহানগৰবাসী চিন্তাত পৰিছে কৃত্ৰিম বানপানীত কৰ্মস্থলীলৈ কিদৰে ওলাই যাব।
নৰ্থ-ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ্চ এ'ছচিয়েচনৰ আহ্বান মৰ্মে আজি পুৱা ৫বজাৰ পৰা গুৱাহাটীৰ লগতে ইয়াৰ উপকন্ঠ অঞ্চলত পেট্ৰ’ল-ডিজেল বিক্ৰী অৰ্থাৎ পেট্ৰ’ল পাম্পসমূহ বন্ধ ৰাখিছে।বৃহস্পতিবাৰে হঠাৎ কৰা ঘোষণা অনুসৰি ২৪ঘন্টাৰ বাবে পাম্পসমূহ বন্ধ ৰাখিছে।ফলত পুৱাৰ পৰা হাহাকাৰৰ সৃষ্টি হৈছে যান-বাহনৰ গৰাকীসকলৰ।বাহনত ইন্ধন সোমোৱাৰ চিন্তাত জীয়াতু ভুগিছে একাংশ বাহনৰ গৰাকীয়ে।কাৰণ বৃহস্পতিবাৰৰৰ ঘোষণাৰ কথা একাংশ বাহনৰ গৰাকীয়ে অৱগত হোৱা নাছিল।যাৰ ফলত পুৱা ইন্ধন ভৰাবলৈ ওলাই গৈ চিন্তা পৰিছে সেইসকল জনতা।ঠিক একেদৰে পুৱাৰে পৰা হৈ থকা বৰষুণত হাহাকাৰ সৃষ্টি হৈছে মহানগৰীৰ জনতাৰ।কৃত্ৰিম বানপানীৰ ফলত স্তব্ধ হৈ পৰিছে মহানগৰৰ জনজীৱন।কৰ্মস্থলীলৈ ওলায়ো কৃত্ৰিম বানপানীৰ বাবে থমকি ৰব লগা হৈছে কৰ্মচাৰী।গুৱাহাটী মহানগৰীৰ প্ৰায়বোৰ মূলপথ এতিয়া পানীৰ তলত।ক’ৰবাত যদি একাঠু পানী আন কৰবাত আকৌ একঁকাল পানী।হাটীগাঁও, জু-ৰোড, চানমাৰি, আমবাৰী, নাৰেংগীকে ধৰি বহুতো পথ এতিয়া বানৰ কবলত।

Your Comments