Mega Appointment Letter Delivery Programme:১৪ মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান হিমন্ত চৰকাৰৰ

A

 

নিউজ ডেস্ক:
 মেগা নিযুক্তিৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । ১৪ মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছে৷গুৰুত্বপূৰ্ণ কথা এই যে ,২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিব চৰকাৰী নিযুক্তি পত্ৰ ।  ইতিমধ্যে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু গৃহবিভাগৰ বিভিন্ন পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে ৷
  উল্লেখ্য যে, আজি অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে । মুঠ ৬,৬৬২টা কনিষ্টবল পদৰ ফলাফল ঘোষণা কৰা হৈছে । ইয়াৰে ২৩৯১টা পদ ইউ বি কনিষ্টবলৰ আৰু ৪২৭১টা পদ এ বি কনিষ্টবলৰ। আনহাতে, এ পি আৰ অ'ৰ ৮১৩টা কনিষ্টবলৰ পদৰ ফলাফলো ঘোষণা কৰা হৈছে। সেইদৰে এফ এণ্ড ই এছৰ ৭৮৮ টা কনিষ্টবলৰ পদ আৰু ডি জি চি ডিৰ ৭৫৪ টা কনিষ্টবলৰ পদৰ ফলাফল ঘোষণা হৈছে ।আনহাতে, এ আই এছ এফ বেটেলিয়ানৰ ১৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা কৰিছে। এই সকলো বাছনিভুক্তকে ৰাজ্য চৰকাৰে ১৪ মে’ত নিযুক্তি পত্ৰ প্ৰদান কৰিব । উল্লেখ্য যে এদিনতে ২৩ হাজাৰক নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছিল । ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু গৃহবিভাগৰ বিভিন্ন পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰি পূৰ্বে ঘোষণা কৰাৰ দৰেই ১৪ মে’ত সকলোকে নিযুক্তি পত্ৰ বিতৰণ কৰিব ।

Your Comments