লংকাৰ কাকীৰ দুই ভাতৃ-ভগ্নীয়ে একেলগে লাভ কৰিলে চাকৰি

A

নিউজ ডেস্ক:

লংকাৰ কাকীৰ দুই ভাতৃ ভগ্নীৰ সফলতা৷কাকী ৬ নং গাঁৱৰ জয়ন্ত হাজৰিকা আৰু তেওঁৰ ভগ্নী বৰ্ষা হাজৰিকাই আজি ঘোষণা হোৱা অসম পুলিছত কনিষ্টবল হিচাবে চাকৰি লাভ কৰে৷উল্লেখ্য যে পেছাত গাড়ী চালক জয়ন্ত বৰাই আনৰ গাড়ী চলাই নিজৰ লগতে নিজৰ ভগ্নী বৰ্ষাৰ পঢ়াশুনাৰ লগতে চাকৰিৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ বাবে সকলো খিনি কৰি গৈছিল৷ইফালে পিতৃ হাৰা দুই ভাতৃ- ভগ্নীৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিছিল জৈষ্ঠ ভাতৃ দ্বীপ হাজৰিকাই৷দ্বীপ হাজৰিকাই গাড়ী চলোৱাৰ লগতে আনৰ ঘৰত কাম কৰি দুই ভাতৃ -ভগ্নীক পঢ়াশুনাৰ ক্ষেত্ৰত সহযোগিতা কৰি আহিছিল৷ইয়াৰ উপৰিও জয়ন্ত আৰু বৰ্ষাৰ মাতৃয়েও আনৰ ঘৰত দিন হাজিৰা কৰি দুই সন্তানক মানুহ হোৱাৰ সপোন দেখিছিল৷ইফালে অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰি বৰ্তমান সময়ত চৰকাৰে নিকা চচ্ছ ভাৱে কৰা আৰক্ষী কনিষ্টবলৰ বাছনি প্ৰক্ৰিয়া চলোৱাত অসম চৰকাৰ আৰু অসম পুলিছক ধন্যবাদ জনাইছে দুই ভাতৃ- ভগ্নীয়ে৷

 

Your Comments