
নিউজ ডেস্ক:
উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে নগাঁৱৰ পৰা কলিয়াবৰলৈ তাৎক্ষণিকভাৱে বদলি কৰা হৈছে বিষয়াগৰাকীক ৷উল্লেখ্য যে যোৱা ৪ মে’ত নগাঁও আৰক্ষীয়ে প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মাজুলীৰ যুৱক ৰাণা পগাগক। ৰাণা পগাগে নিজকে অইলৰ বিষয়া বুলি ভুৱা পৰিচয় দি সম্পৰ্ক গঢ়া বুলি কাৰণ দৰ্শাই পৰৱৰ্তী সময়ত জোনমণিয়ে হ’বলগীয়া স্বামী ৰাণাক জেললৈ প্ৰেৰণ কৰে ৷গুৰুত্বপূৰ্ণ কথা এই যে ,ৰাণাৰ বিৰুদ্ধে উত্থাপিত হৈ আছিল বহুতকে প্ৰৱঞ্চনা কৰাৰ অভিযোগ। আনহাতে ৰাণা জেললৈ যোৱাৰ পিছতে এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰৱঞ্চনাৰ গোচৰ।প্ৰৱঞ্চনাৰ বলি হোৱা মাজুলীৰ অৱতাৰ শৰ্মা আৰু অজিত বৰা নামৰ দুগৰাকী ঠিকাদাৰে জোনমণিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৷এই অভিযোগৰ পিছতে আজি তাৎক্ষণিকভাৱে নগাঁৱৰ পৰা বদলি কৰা হৈছে জোনমণি ৰাভাক ৷
- Log in to post comments
- 38 views