আজিৰে পৰা বন্ধ হ’ল লীলাবাৰী-গুৱাহাটী বিমান সেৱা

A


News Desk:
বিমান সেৱা আৰম্ভ হোৱাৰ  ছমাহৰ পিচতেই বন্ধ হ’ল লীলাবাৰী-গুৱাহাটী বিমান সেৱা।উল্লেখ্য যে, যোৱা ৪ নৱেম্বৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ফ্লেগঅফ কৰি ফ্লাইবিগ কোম্পানীৰ ৭২ আসনযুক্ত বিমানখনৰ সেৱা আৰম্ভ কৰিছিল।মাত্র ৯৯৯ টকাত লখিমপুৰ-গুৱাহাটীৰ বিমান যাত্ৰাৰ সুবিধা লাভ কৰি উত্তৰ অসমৰ ৰাইজ উৎফুল্লিত হৈ পৰিছিল। প্রথমাৱস্থাত মঙলবাৰ, বৃহস্পতিবাৰ, শনি আৰু দেওবাৰে চলাচল কৰা বিমানখন পৰৱৰ্তী সময়ত দৈনিক চলাচল কৰিবলৈ লয়।কিন্তু পর্যাপ্ত যাত্রী নোহোৱাৰ বাবে বিমানখন বাতিল কৰিব লগা হ’ল বুলি জানিব পৰা গৈছে।

Your Comments