সঞ্জীৱ-ধনজিতক আলফা(স্বা)ই কিদৰে দিলে মৃত্যুদণ্ড! সংবাদ মাধ্যমক ফোনযোগে অৱগত পৰেশ বৰুৱাৰ

A

নিউজ ডেস্ক:

"ভাৰতীয় সময়মতে পুৱা ৮বজাত মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়।বিগত প্ৰায় ১০দিন ধৰি বন্দী কৰি ৰখা হৈছিল দুয়োকে।একোটাকৈ গুলিৰে দুয়োকে থকা-সৰকা কৰা হৈছে"- আলফা(স্বা)ৰ গোপন শিবিৰত দুই আলফা সদস্যক মৃত্যুদণ্ড দিয়া প্ৰসংগত সংবাদ মাধ্যমলৈ ফোন কৰি এইদৰে কয় পৰেশ বৰুৱাই।উল্লেখ্য যে ,বাইহাটাৰ সঞ্জীৱ শৰ্মা আৰু বৰপেটা ধনজিৎ দাসক আৰক্ষী গুপ্তচৰৰ অভিযোগত আলফাই দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড প্ৰদান কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে ,অসম আৰক্ষীৰ শীৰ্ষ বিষয়া পাৰ্থ সাৰথি মহন্তই ধনৰ প্ৰলোভনেৰে আলফালৈ গুপ্তচৰৰূপে সঞ্জীৱক প্ৰেৰণ কৰা বুলি ভিডিঅ’ বাৰ্তা যোগে স্বীকাৰ কৰিছিল সঞ্জীৱে।
তাৎপৰ্যপূৰ্ণ কথা এই যে , শেহতীয়া ভাৱে আলফা(স্বা)ত ৰাজ্যৰ বহুতো যুৱক-যুৱতীয়ে যোগদান কৰিছে।যুৱক-যুৱতী আলফালৈ যোৱা ঘটনাই অসম আৰক্ষী তথা গৃহ বিভাগক চিন্তিত কৰি তোলাৰ সময়তে শনিবাৰে পুৱাই দুই গুপ্তচৰক মৃত্যুদণ্ড দিয়া ঘটনাই অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Your Comments