অসম আৰক্ষীয়ে চোৰাংচোৱা পঠাব নোৱাৰে আলফালৈ- মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক:
আলফা(স্বা)ৰ গোপন শিবিৰত অসম আৰক্ষীৰ গুপ্তচৰৰ গুৰুতৰ অভিযোগত দুই আলফা সদস্যক মৃত্যুদণ্ড দিয়া ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্রকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।“ভগৱানক খাটিছোঁ বাতৰিতো যাতে মিছা হয় বা ভুল হয়।সঁচাকৈ এনেধৰনে দুজন যুৱকক যদি হত্যা কৰা হৈছে সেইয়া অত্যান্ত দুখদায়ক”-শৰ্মাই কয়।
ইফালে এই ঘটনাই আলফা(স্বা)ত যোগদান কৰিব খোজা যুৱকলৈও এটা বাৰ্তা পঠিয়াব। এনে ধৰণৰ পদক্ষেপ লোৱা উচিত নহয়।আলফা(স্বা) লৈ পুনৰ আহ্বান জনাই তেওঁ কয়-“অসমৰ মানুহে তেজৰ বহু ফাকু খেলিলে।মাতৃৰ বুকুৰ পৰা সন্তান শুদা হোৱা, অসমী আইৰ তেজাল যুৱক কিছুমানক হেৰুৱাক বাদে অন্য কোনো লক্ষ্যত উপনীত হ’ব পৰা নাই।শান্তি আলোচনা হওঁক, যাতে এনেকুৱা কৰুণ বা দুখৰ বাতৰিসমূহ শুনিব নালাগে।”
আনহাতে অসম আৰক্ষীয়ে গুপ্তচৰ হিচাপে প্ৰেৰণ কৰা বুলি মৃত্যুদণ্ডৰে দণ্ডিত সঞ্জীৱ শৰ্মাই কেইদিনমান পূৰ্বে ভিডিঅ’ যোগে বাৰ্তা প্ৰকাশ কৰিছিল।সেই প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়- “অসম আৰক্ষীয়ে কোনো স্থানত চোৰাংচোৱা নপঠায়।অসম আৰক্ষীৰ সংবিধান আৰু নিয়ম মতে শদিয়াৰ পৰা ধুবুৰীৰ বাহিৰত যাব নোৱাৰে।বিশেষকৈ বিদেশী ৰাষ্ট্ৰলৈ যোৱা কোনো চিন্তায়ে কৰিব নোৱাৰে অসম আৰক্ষীয়ে।”ইফালে আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ নাম উত্থাপন হোৱাত তেওঁ কয়- আলফাই নাম উত্থাপন কৰিছে কিন্তু কি যুক্তিত নামটো কলে সেই প্ৰসংগত কথা পাতিব পৰা নাই।একপক্ষৰ কথাত আমি নোসোমোৱা ভাল- তেওঁ কয়।
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত গৃহমন্ত্ৰী অমৃত শ্বাহে উদ্বোধন কৰিব লগা চুপাৰ স্পেচিয়েলিটি হাস্পতাল পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ সন্মুখত ডঃ শৰ্মাইৰঙালী বিহুৰ অনুষ্ঠান প্ৰসংগত কয়-“অহা বছৰৰ পৰা নিশা ১২বজাত বন্ধ হ'ব ৰঙালী বিহুৰ অনুষ্ঠান।বোকা বিহু ভাল সংস্কৃতি নহয়।সাতবিহুৰ পাচত বিহুৰ পবিত্ৰতা নোহোৱা হৈ যায়।যেতিয়ালৈ অসমীয়াই বিহুক সাংস্কৃতিক অনুষ্ঠান বুলি ভাবিব তেতিয়ালৈ বিহু জাতিটোৰ আয়ুসৰেখা হ’ব নোৱাৰে৷”

Your Comments