
নিউজ ডেস্ক:
ৰাজ্যৰ নিবনুৱাৰ বাবে ভাল খবৰ।নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে একলাখ নিযুক্তিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পদক্ষেপ ডঃ হিমন্ত চৰকাৰৰ।১৪মে'ত ২৩হাজাৰ চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে।গৃহ, স্বাস্থ্য আৰু শিক্ষা বিভাগত নিযুক্তি পত্ৰ প্ৰদানৰ কথা টুইটযোগে অৱগত কৰিছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।উল্লেখ্য যে অসম আৰক্ষীৰ প্ৰায় ৯হাজাৰৰো অধিক পদত বাছনি পৰীক্ষা ইতিমধ্যে সম্পূৰ্ন হৈ আছে।
গুৰুত্বপূৰ্ণ কথা এই যে ,১০মে'ত সম্পূৰ্ন হ’ব হিমন্ত চৰকাৰৰ এটা বছৰ।এবছৰৰ এই শুভক্ষণত চৰকাৰে ২৩হাজাৰ ৰাজ্যৰ নিবনুৱাক প্ৰদান কৰিব এই নিযুক্তি পত্ৰ।ইফালে বিশেষ খবৰ মতে টেট শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বহুকেইটা শাখাত প্ৰদান কৰিব নিযুক্তি পত্ৰ।
- Log in to post comments
- 13 views