শিৱসাগৰত মুখ্যমন্ত্ৰী হিমন্তক সাক্ষাৎ অখিল গগৈসহ ৰাইজৰ দলৰ প্ৰতিনিধিৰ

A

নিউজ ডেস্ক:
শিৱসাগৰৰ আৱৰ্ত ভৱনত আজি পুৱাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ শিৱসাগৰৰ বিধায়ক অখিল গগৈসহ ৰাইজৰ দলৰ প্ৰতিনিধিৰ।ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ৰ উদ্যোগত অসম চৰকাৰে আয়োজন কৰা 'যোগ উৎসৱ'ত অংশগ্ৰহণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে সমষ্টিটোৰ বিধায়ক গৰাকীয়ে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী শৰ্মাক শিৱসাগৰ সমষ্টিৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে অখিলে।
ইফালে শিৱসাগৰৰ টাই সংগ্রহালয়ো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।সংগ্ৰহালয়টোক নতুন ৰূপ দিয়াৰ বাবেও পৰিকল্পনা কৰা বুলি অৱগত কৰে শৰ্মাই।নৱেম্বৰৰ ভিতৰত সংগ্রহালয়টোৰ সম্প্ৰসাৰণসমূহ ৰূপায়ণ কৰাৰ নিদেৰ্শনা দিয়ে  মুখ্যমন্ত্ৰীয়ে।

Your Comments