
নিউজ ডেস্ক:
'আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ে অসম চৰকাৰৰ সহযোগত ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলৰ প্ৰাংগণত আজিৰ আয়োজন কৰে 'যোগ উৎসৱ'।২১জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৫০দিনৰ ব্যৱধানেৰে সংগতি ৰাখি ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান শিৱসাগৰত আয়োজন কৰা হয় এই ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানৰ।অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভাৰত চৰকাৰৰ আয়ুষ, বন্দৰ আৰু জাহাজ পৰিবহণ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰত চৰকাৰৰ আয়ুষ, মহিলা আৰু শিশু বিকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ মহেন্দ্ৰ মুঞ্জাপাৰা অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু একাংশ বিধায়ক।যুৱ উৎসৱত ৫০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অংশ লয় বিভিন্ন ক্ষেত্ৰৰ ৭০০০ৰো অধিক লোকে।
ইফালে কাৰ্যসূচীত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘যোগ দিৱস আয়োজন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছিল।এইবাৰ যোগ দিৱসৰ ৮ বছৰ হ’ব।স্বাধীনতাৰ ৭৫বছৰত ভাৰতে গৌৰাৱান্বিত কামসমূহ সোঁৱৰণ কৰিব লাগে।পৰ্যটন ক্ষেত্ৰসমূহৰ গুণানুকীৰ্তন কৰি সকলোৰে আগত ডাঙি ধৰাৰ প্ৰয়াস কৰিব লাগে।এই যোগ দিৱসৰ জৰিয়তে শিৱসাগৰৰ গুৰুত্ব আৰু কৰ্তব্য দাঙি ধৰাৰ প্ৰয়াস কৰিব লাগে।
"অনুষ্ঠানটো নিষ্ঠাৰে সম্পন্ন কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলোকে নিৰ্দেশ প্ৰদান কৰিছে।সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ যোগৰ প্ৰয়োজন।’’- সোণোৱালে কয়।
আনহাতে যোগ উৎসৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘২১জুনত বিশ্ব যোগ দিৱস এইবাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫বছৰীয়া অমৃত মহোৎসৱত আয়োজন কৰা হৈছে।১০০দিন থকা অৱস্থাত দিল্লীৰ লালকিল্লাত এই অনুষ্ঠান আৰম্ভ কৰা হৈছিল।একেদৰে যোগ দিৱসলৈ ৫০দিন বাকী থকা অৱস্থাত এই অনুষ্ঠান শিৱসাগৰত আয়োজন কৰা হৈছে।যোগক প্ৰধানমন্ত্ৰীয়ে বিশ্ব দৰবাৰত দাঙি ধৰাৰ বাবে চেষ্টা কৰিছে।যোগৰ প্রাসংগিতা দৈনিক বৃদ্ধি হৈ আহিছে।’’
"সৰুৰে পৰা যোগৰ নিয়মিত অভ্যাসে মেধাৰ পৰিচয় দিয়ে।যুৱ সমাজক মদ, ড্ৰাগছৰ পৰা আঁতৰাই ৰাখিব লাগিলে যোগৰ প্ৰয়োজন।যোগৰ জৰিয়তে উইল পাৱাৰ বৃদ্ধি কৰে।সদায় সন্তানক যোগৰ অভ্যাস কৰাবলৈ অভিভাৱকসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
- Log in to post comments
- 12 views