২এপ্ৰিলত উত্তৰ-পূৱৰ দিব্যাংগৰ বাবে কৃত্ৰিম হাত সংৰোপনৰ বিনামূলীয়া শিবিৰৰ আয়োজন, পঢ়ক

A

নিউজ ডেস্ক:
দিব্যাংগসকললৈ ভাল খবৰ।ডিমাপুৰত দিবাংগ্যৰ বাবে কৃত্ৰিম হাত সংৰোপনৰ এক বিনামূলীয়া শিবিৰৰ আয়োজন।২ এপ্ৰিলত অনুষ্ঠিত হ’ব এই কৃত্ৰিম হাত সংৰোপন শিবিৰ। বুধবাৰে নগালেণ্ডৰ ডিমাপুৰৰ এছ ডি জৈন চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত গুৱাহাটী প্রেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে ট্ৰাষ্টৰ সচিব নৰেন্দ্ৰ জৈনে।সংবাদমেলত জানিব দিয়া অনুসৰি- এছ ডি জৈন সমাজৰ অধীনস্থ এছ ডি জৈন চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত আৰু নেশ্বনেল কেৰিয়াৰ চাৰ্ভিচ চেণ্টাৰ ফৰ ডিফাৰেণ্টলী এবল, ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়, ডি জি ই গুৱাহাটী, ডিমাপুৰ আৰু ৰ'টাৰী ক্লাব অৱ কলকাতা প্ৰেছিডেঞ্চি, আৰ আই ডিষ্ট্ৰিক্ট- ৩২৯১ৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ দিব্যাংগ সকলৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে।উল্লেখ্য যে সম্পূৰ্ণ বিনামূলীয়া এই শিবিৰ ২এপ্ৰিলত ডিমাপুৰৰ জৈন মন্দিৰ পথৰ শ্ৰী দিগম্বৰ জৈন চেৰিটেবল ট্ৰাষ্ট ক্লিনিকত অনুষ্ঠিত হ'ব।যিসকল দিবাংগ্যৰ কিলাকুটিৰ তলত নিম্নতম ৪ ইঞ্চি (১০ চেণ্টিমিটাৰ) এ আৰ এম থকা  সকলে পঞ্জীয়নৰ বাবে যোগ্য।দিব্যাংগ সকলে ৩ মাৰ্চৰ পৰা ১৭মাৰ্চৰ ভিতৰত ইয়াৰ বাবে পঞ্জীয়ন কৰিব লাগিব ৯৪৩৬০১৩৪৮২ অথবা ৯৭০৬৮৩৮১১২ নম্বৰত। উল্লেখ্য যে এই কৃত্ৰিম হাতসমূহ আমেৰিকাৰ পৰা অনা হ’ব।কোনো চাৰ্জাৰী নকৰাকৈ সংৰোপন কৰা হ’ব হাত সমূহ।হাতসমূহ নিজাকৈ সংৰোপন কৰিবলৈ হলে প্ৰায় ১০-১৫হাজাৰ টকা খৰচ হ’ব।সংবাদমেলত ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়, ডি জি ই গুৱাহাটীৰ সহকাৰী সঞ্চালক (নিয়োগ) ৰাম কিশোৰ শৰ্মা আদি উপস্থিত থাকে।

Your Comments