ত্ৰিপুৰাত আৰক্ষীৰ বাবে মুকলি কৰিলে ম'বাইল বায়’ টয়লেট ভেন

A


নিউজ ডেস্ক:
ত্ৰিপুৰা আৰক্ষীৰ সঞ্চালক প্ৰধান ভি এছ যাদৱে শুকুৰবাৰে আৰক্ষী জোৱান সকলৰ বাবে এটা মোবাইল বায়’ টয়লেট উদ্বোধন কৰে। মোবাইল বায়’ টয়লেটটোৰ ফ্লেগ অফ কৰাৰ সময়ত, ডিজিপি যাদৱে কয় যে, "কিছু দিন আগতে এনে এটা শৌচালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল "৷ জানিব পৰামতে, ম'বাইল বায়’ টয়লেট ভেনৰ ভিতৰত দুটা পৃথক ইউনিট আছে- এটা পুৰুষে ব্যৱহাৰ কৰাৰ বাবে আৰু আনটো মহিলাসকলে ব্যৱহাৰ কৰাৰ বাবে ।
আনহাতে বাহনখনৰ ভিতৰত এটা পানীৰ টেংকি, ডাইজেষ্টাৰ, ৱাছবেচিন, ষ্টেইনলেছ ষ্টীল কম'ড, আদিৰ সৈতে এটা বায়’ টয়লেট টেংক আছে বুলি তেওঁ অৱগত কৰে । তেওঁ জনায় যে লাইট, ফেন আদিয়ে সৌৰ শক্তিৰ দ্বাৰা কাম কৰিব । ভিতৰভাগ এনেদৰে ডিজাইন কৰা হৈছে যাতে ইয়াক ভিতৰলৈ স্বাস্থ্যকৰ কৰি ৰাখিবলৈ পৰ্যাপ্ত পোহৰ আৰু বায়ুৰ মুক্ত প্ৰবাহ থাকে । এইটো আশা কৰা হৈছে যে ম'বাইল বায়’ টয়লেট সকলোৰে বাবে উপযোগী হ'ব ।

Your Comments