কাইলৈৰ পৰা  নগাঁৱৰ  শ্ৰী শ্ৰী বটদ্ৰৱা  থানত  ৫৭০ সংখ্যক  শংকৰদেৱৰ জন্মোৎসৱ

aa

মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্রীশ্রীবটদ্রৱা থানত ১৮, ১৯ আৰু ২০ ছেপ্টেম্বৰত ৫৭০ সংখ্যক গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা  হৈছে । কাৰ্য্যসূচী অনুসৰি  ১৮ ছেপ্টেম্বৰত  পুৱা  তাল কোবোৱা, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল-নাম প্ৰসংগৰ অন্তত  দিনৰ  ১ বজাৰ পৰা  সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতা, ২ বজাত  গুৰুচৰিত পাঠ আৰু সন্ধিয়া অসম  ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । ১৯ ছেপ্টেম্বৰত পুৱা  তাল  কোবোৱা, মঞ্জিৰা নাম, ঊষা কীৰ্ত্তন, আইসকলৰ নাম, সাংস্কৃতিক শোভাযাত্ৰা, খোল-নাম প্ৰসংগ, গুৰু চৰিত পাঠৰ  পিছত ৫৭০ গছি বন্তি  প্ৰজ্বলন  কৰা  হ'ব ।

নিশা প্ৰদৰ্শন কৰা  হ'ব অংকীয়া ভাওনা "নৃসিংহ  যাত্ৰা" ।  ২০ ছেপ্টেম্বৰত পুৱা  তাল কোবোৱা, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল-নাম প্ৰসংগৰ  অন্তত ধৰ্মালোচনী সভাত মুখ্য অতিথি ৰূপে অসমৰ  জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিশিষ্ট  অতিথি ৰূপে অসম বিধানসভাৰ প্ৰাক্তন  অধ্যক্ষ ৰঞ্জিত দাস, বিধায়ক আঙুৰলতা ডেকা, ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাসৰ উপৰি প্ৰাগ্‌ চেনেলৰ স্বত্তাধিকাৰী সঞ্জীৱ নাৰায়ণ, নগাঁৱৰ  উপায়ুক্ত বিশ্বজিৎ  পেগু  আৰু আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধি উপস্থিত থাকিব ।

সন্ধ্যা বিভিন্ন জাতি-জনগোষ্ঠী আৰু সত্ৰীয়া  সাংস্কৃতিক অনুষ্ঠান তথা নিশা "সীতা হৰণ", 'বালি বধ" ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে জনাইছে ।

Your Comments