অল ইণ্ডিয়া ৰে'লৱেমেনছ ফেডাৰেচনৰ (এ আই আৰ এফ) নেতৃত্বত ১৯৬৮ চনৰ ১৯ ছেপ্টেম্বৰত হোৱা ঐতিহাসিক ৰে'ল আন্দোলনে ৫০ বছৰ পূৰ্ণ কৰিবলৈ ওলাইছে ৷ সেয়ে অহা ১৯ ছেপ্টেম্বৰৰ দিনটো দেশজুৰি ছহিদ দিৱসৰ সোণালী জয়ন্তীৰূপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে এ আই আৰ এফে ৷ উত্তৰ-পূব সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নেও উক্ত দিনটো ছহিদ দিৱসৰূপে বিভিন্ন স্থানত পালন কৰাৰ লগতে বঙাইগাঁও আৰু মৰিয়নিত কেন্দ্ৰীয়ভাৱে পালন কৰিব ৷
এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিযোগে উত্তৰ-পূব সীমান্ত ৰে'লৱে' মজদুৰ ইউনিয়নৰ সম্পাদক তথা এ আই আৰ এফৰ সভাপতি ৰাখাল দাসগুপ্তই জনায় যে সেই আন্দোলনত যিসকল ৰে'ল শ্ৰমিকে নিজৰ জীৱন উছৰ্গা কৰি ইতিহাস ৰচনা কৰি থৈ গৈছে, সেইসকলৰ আদৰ্শ সৰোগত কৰি আজিৰ চাম শ্ৰমিকে যাতে আগুৱাই যাব পাৰে, শ্ৰমিকৰ ন্যায্য অধিকাৰৰ দাবী সজোৰে উপস্থাপন কৰিব পাৰে, তাৰবাবেই উত্তৰ পূব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নে প্ৰতি বছৰৰ ১৯ ছেপ্টেম্বৰ দিনটো ছহিদ দিৱসৰূপে পালন কৰি আহিছে ৷
ভাৰতবৰ্ষৰ ৰেল শ্ৰমিকৰ ইতিহাসত বিশেষ তাৎপৰ্য বহন কৰা এই দিনটোতে শোষক শ্ৰেণীৰ নিৰ্দেশত ৯ জনকৈ ৰে'ল শ্ৰমিকক গুলীয়াই হত্যা কৰিছিল পুলিচে ৷ উত্তৰ-পূব সীমান্ত ৰেলৱেত মৃত্যুবৰণ কৰা ছহিদ দুজন হৈছে বঙাইগাঁৱৰ পৰেশ সান্যাল আৰু মৰিয়নিৰ ৰমেন আচাৰ্যী ৷ সেইবাবেই এই দুই স্থানত কেন্দ্ৰীয়ভাৱে ছহিদ দিৱস উদযাপন কৰা হ'ব য'ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপৰি বিহাৰ, পশ্চিমবঙ্গ আদিৰ পৰা অহা প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব বুলি দাসগুপ্তই কয় ৷
ইপিনে বঙাইগাঁৱত এই অনুষ্ঠানত পতাকা উত্তোলন, ছহিদ তৰ্পণৰ পিছত আবেলি ৩ বজাত বাইক ৰেলী, ৪ বজাত নিউ বঙাইগাঁৱত মুকলি সভা আদি অনুষ্ঠিত হ'ব ৷ ইয়াত ইউনিয়নৰ কেইবাগৰাকীও কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰিব বুলি ইউনিয়নৰ যুটীয়া সম্পাদক আশিষ বিশ্বাসে জনাইছে ৷
- Log in to post comments
- 29 views