হোজাই জিলাৰ লংকা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি হিজবুলমুজাহিদিন সংগঠনৰ লগত জড়িত থকাৰ সন্দেহত লংকাৰ মাছ বজাৰৰ সমিপৰ এখন গেলামাল দোকান পৰা ছাইদুল আলম (২৫) নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে । ছাইদুলৰ ঘৰ লংকাৰ ৮ নং উদালীত । পিছত ছাইদুলক লংকা আৰক্ষীয়ে পুৱা ভাগত ডৱকালৈ প্ৰেৰণ কৰে।
আনহাতে, উক্ত ঘটনা সন্দৰ্ভত ছাইদুলৰ পিতৃ আৰু মাতৃয়ে মন্তব্য কৰে যে, তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ হিজবুল মুজাহিদিন সংগঠনত জড়িত নহয় । ছাইদুল সৰুৰ পৰাই পঢ়া-শুনাত অতি চোকা আছিল । মেট্ৰিক আৰু হাই চেকেণ্ডাৰীত প্ৰথম বিভাগত লেটাৰ লৈ পাছ কৰিছিল ।
পিছত ধৰ্মৰ প্ৰতি আকৰ্ষিত হোৱাত পঢা-শুনা বাদ দি নিজকে ধৰ্ম কামতেই নিজক সমৰ্পিত কৰাৰ লগতে লংকা বজাৰ মাছ বজাৰৰ সমিপৰ নিজৰ গেলামাল দোকান চলাই জীৱিকা নিৰ্বাহ কৰি আছিল | আনহাতে আকৌ মাজতে তিনিমাহ ধৰি সন্দানহীন হৈ আছিল ছাইদুল ।
ছাইদুল সন্ধানহীন হৈ থকাৰ সময়ত জন্মুলৈ গৈছিল আৰু জম্মুৰ পৰাই লংকাত থকা মাকলৈ টেলিফোন কৰিছিল। চাৰি-পাঁচ মাহৰ পিছত লংকা নিজ ঘৰত ছাইদুল অহাত শুক্ৰবাৰে লংকা আৰক্ষীয়ে ছাইদুলক আটক কৰে।
লংকা আৰক্ষীয়ে নিশা #হিজবুল #মুজাহিদিনৰ লিংক মেন হিচাপে আটক কৰা ছইদুৰ আলমৰ বাসগ্ৰহত তালাচী অভিযান চলাই ৷ লংকা আৰক্ষীৰ এটা বৃহৎ দলে ছাইদুলৰ উদালী জাৰনী গাঁৱত চলোৱা অভিযানত এটা ম'বাইল আৰু কেইবা হাজাৰ টকা উদ্ধাৰ কৰাৰ লগতে বহু নথি-পত্ৰ জব্দ কৰে বুলি জানিব পৰা গৈছে ৷ ইফালে লংকা আৰক্ষীয়ে অভিযানত কি কি সামগ্ৰী উদ্ধাৰ কৰে প্ৰকাশ কৰাৰ পৰাৰ বিৰত থাকে
- Log in to post comments
- 29 views