চিভিল ছার্ভিচৰ ইতিহাসত সর্বোচ্চ নম্বৰ পাই ৰেকর্ড গঢ়িলে ড: অপলা মিশ্ৰই   

A

 

নিউজ ডেস্ক: 
গাজিয়াবাদৰ বাসিন্দা ড: অপলা মিশ্র যোৱা  কিছুদিন ধৰি আলোচনাৰ কেন্দ্র হৈ পৰিছে ৷ সদ্যঘোষিত  ইউপিএচচি চিভিল ছার্ভিচ পৰীক্ষাত অপলাই  নবম স্থান দখল কৰিবলৈ  সক্ষম হৈছে ৷ 

উল্লেখ্য যে মঙ্গলবাৰে নিশা  ইউপিএচ চি পৰীক্ষাৰ নম্বৰৰ  তালিকা প্রকাশ কৰা হয়।  ড: অপলাই ইন্টাৰভিউ ৰাউণ্ডত সর্বোচ্চ নম্বৰ পাই ৰেকর্ড কৰিছে।  গুৰুত্বপূৰ্ণ কথা এই যে ইয়াৰ আগেয়ে  ইউপিএচচিৰ  ইন্টাৰভিউ ৰাউণ্ডত সৰ্বোচ্চ ২১২ নম্বৰ পোৱাৰ  ৰেকর্ড আছিল যদিও এইবাৰ  এই ৰেকর্ড ভাঙি ইন্টাৰভিউ ৰাউণ্ডত ২১৫ নম্বৰ লাভ কৰি নতুন ৰেকর্ড গঢ়িবলৈ  সক্ষম হয়  ড: অপলা। 

ড: অপলা মিশ্ৰই এক সাক্ষাৎকাৰত কয় যে ৪০  মিনিটৰ ইন্টাৰভিউৰ ৰাউণ্ডত, মই প্রায় সকলো প্রশ্নৰে উত্তৰ বিভিন্ন ধৰণেৰে  দিবলৈ চেষ্টা কৰিছিলো । যদিও ইন্টাৰভিউ ৰাউণ্ডৰ আৰম্ভণিৰ  আগেয়ে মই খুব নার্ভাচ হৈছিলো  তথাপি মই আত্মবিশ্বাসকে  বিজয়ৰ অস্ত্ৰ  হিচাপে  ব্যবহাৰ কৰি ইন্টাৰভিউ দিছিলো ।
অপলাই লগতে কয় যে  ইন্টাৰভিউ ৰাউণ্ডটি খুবেই গুৰুত্বপূর্ণ কাৰণ ই  আপোনাৰ ব্যক্তিত্বৰ  দক্ষতা  উপস্থাপনৰ পৰীক্ষা কৰে। 
গুৰুত্বপূৰ্ণ কথা এই যে ড: অপলা মিশ্র ইউপিএচচি  পৰীক্ষাত নবম স্থান দখল  কৰিবলৈ সক্ষম হৈছে । 

Your Comments