'মানিকে মাগে হিতে' হ'ল ‘মা-মাটি-মানুষ হিতে’! পিতৃ আৰু জীয়ৰীৰ গীতত মমতাবন্দনা

A

নিউজ ডেস্ক:

শ্রীলঙ্কাৰ গায়িকা ইওহানিৰ ‘মানিকে মাগে হিতে’ গানটি সম্প্রতি জনপ্রিয় হৈ উঠিছে । সেই গানৰ সুৰত বংগীয় ভাষাত গান প্ৰস্তুত কৰি উলিয়ালে মেদিনীপুৰৰ পিতৃ আৰু জীয়ৰীয়ে । মেদিনীপুৰৰ  সমাজসেৱী ৰাজেশ চক্রবর্তী আৰু তেওঁৰ  জীয়ৰী অপৰাজিতাই গাইছে এই  গীতটি৷

উল্লেখযোগ্য যে কিছুদিন আগতে  সামাজিক মাধ্যমত আপলোড কৰা হৈছে এই গীতটি। ইতিমধ্যেই বহু লোকে  গীতটিৰ  ভিডিঅ'ও দেখিবলৈ পাইছে ।  তাৎপৰ্যপূৰ্ণ কথা এই যে   ‘মানিকে মাগে হিতে’ গীতটিৰ অৰ্থ  হৈছে ‘মা-মাটি-মানুহৰ হিতে’। 


 জনপ্রিয় গীতটিৰ সুৰত আন এটি  গীত   মুখ্যমন্ত্রী মমতা বেনাৰ্জীক  উচৰ্গা কৰিছে বুলি জানিবলৈ দিয়ে পিতৃ কন্যাই ৷ অপৰাজিতাই মত প্ৰকাশ কৰি কয় যে ইয়াৰ আগেয়ে  কোনো  দিনে গান ৰেকর্ড কৰা নাই। মমতা বেনাৰ্জীৰ বাবেই লিখা  গীতটিয়ে তেওঁৰ  প্রথম ৰেকৰ্ড কৰা  গান। তেওঁলোকে ৰেকৰ্ড কৰা গীতটিত মমতা চৰকাৰৰ সাফল্যৰ কাহিনী বৰ্ণনা কৰা হৈছে।

Your Comments