সেনাবাহিনীৰ বৃহৎ দায়িত্ব অৰ্পণ মহেন্দ্র সিং ধোনিক, শ্রদ্ধা জনালে চেন্নাই চুপাৰ কিঙে

A

নিউজ ডেস্ক:

ন্যাশনেল ক্যাডেট কর্প (এনচিচি)য়ে কেনেদৰে নিজৰ কাম-কাজ আগবঢ়াই নিছে তাক চোৱা-চিতা কৰাৰ বাবে ১৫ জন সদস্য বিশিষ্ট এখন কমিটি গঠন  কৰি দিয়া  হৈছে । সেই এনচিচি তাদৰকী কমিটিত অন্তৰ্ভুক্ত হৈছে মহেন্দ্র সিংহ ধোনিৰ নাম।

ভাৰতীয় ক্ৰিকেট দলৰ মেন্টৰ হিচাবে দায়িত্ব পোৱাৰ  লগতে শেহতীয়াকৈ এই সম্মান  লাভ কৰিবলৈ সক্ষম হৈছে ধোনি ।  গুৰুত্বপূৰ্ণ কথা এই যে প্রতিৰক্ষা মন্ত্রালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে এই তদাৰকী কমিটিৰ কাম হৈছে  এনচিচিৰ  উত্তৰণৰ দিশত নজৰ দিয়া । এনচিচি  ক্যাডেটসকলক কিদৰে আৰু কামৰ  সৈতে  জৰিত  কৰা হয়  সেই  দিশতো পৰিকল্পনা কৰিব  এই কমিটিয়ে ।

উল্লেখযোগ্য যে ইয়াৰ আগেয়ে সেনাবাহিনীত সন্মানীয় লেফ্টনেন্ট কর্নেলৰ দায়িত্ব অৰ্পণ কৰা  হৈছিল  ধোনিক। এনচিচি তদাৰকী কমিটিলৈ  যোৱাৰ খবৰ পোৱাৰ  লগে লগে আইপিএল-ৰ চেন্নাই চুপাৰ  কিং দলৰ পক্ষৰ ফালৰ পৰাও  সম্মান জনোৱা হয় ধোনিক।

Your Comments