হোটেলত কাম কৰা যুৱক হ'লগৈ আই এ এছ বিষয়া, পঢ়ি চাওক

A

 

নিউজ ডেস্ক :
দৰিদ্ৰতা যে সফলতাৰ বাটত হেঙাৰ হ'ব নোৱাৰে তাক  প্ৰমাণ কৰি দেখুৱালে মহাৰাষ্ট্ৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক আনছাৰ শ্বেইখে ।
 গুৰুত্বপূৰ্ণ কথা এই যে জীৱনৰ বহুতো বৃহৎ প্ৰত্যাহ্বানক নেওচি এগৰাকী সফল ব্যক্তি হিচাপে  নিজকে গঢ়ি তুলিছে বৰ্তমান সময়ৰ আই এ এছ বিষয়া আনছাৰ শ্বেইখে ।
  তেওঁ মাত্ৰ ২১ বছৰ বয়সত ইউপিএছচি পৰীক্ষাত ৩৭১ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।

আনছাৰ শ্বেখ মহাৰাষ্ট্ৰৰ এখন সৰু গাঁৱৰ বাসিন্দা আৰু তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থা অতিকৈ বেয়া আছিল। আনছাৰে দ্বাদশ শ্ৰেণীত ৯১ শতাংশ নম্বৰ লাভ কৰিছিল। আনছাৰক শিক্ষাদানৰ বাবে প্ৰয়োজন হোৱা আৰ্থিক খৰচৰ বাবে তেওঁৰ পিতৃয়ে অটো ৰিক্সা চলাইছিল আৰু  মাতৃয়ে পথাৰত শ্ৰমিক হিচাপে কাম কৰিছিল।
 
আনছাৰে এটা সাক্ষাৎকাৰত কয় যে , "মোৰ দেউতাই প্ৰতিদিনে মাত্ৰ ১০০ ৰ পৰা ১৫০ টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত গোটেই পৰিয়ালৰ খৰচ বহন কৰাটো অতি কঠিন হৈ পৰিছিল আৰু পিছলৈ মোৰ দেউতাই মোৰ পঢ়াশুনাৰ বাবে ধন পৰিশোধ কৰিব নোৱাৰিলে।"
 উল্লেখযোগ্য যে দ্বাদশ উত্তীৰ্ণ হোৱাৰ পিছত আনছাৰ শ্বেইখে পুনেৰ ফাৰ্গুচন মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ সিদ্ধান্ত লয়, কিন্তু পৰিয়ালটোৰ আৰ্থিক দুৰাৱস্থাৰ বাবে এখন হোটেলত খাদ্য পৰিৱেশন কৰোৱা কৰ্মত নিয়োজিত হয়। এই বিষয়ে আনছাৰ আহমেদ শ্বেইখে কয় যে, "মই হোটেলত প্ৰয়োজনীয় ধনৰাশিৰ বাবে খাদ্য পৰিৱেশন কৰোৱা কৰ্মত নিয়োজিত হৈছিলো। মই তাত খাদ্য পৰিৱেশন কৰোৱাৰ লগতে হোটেলৰ মজিয়াও চাফা কৰিছিলো।"

Your Comments