স্বৰ্ণ বিজয়ী অলিম্পিয়াড নীৰজ চোপ্ৰাৰ আন এক সপোন পূৰ হ’ল পঢ়ি চাওক

A

নিউজ ডেস্ক:

টকিঅ’ অলিম্পিকত স্বৰ্ণ বিজয়ী , নীৰজ চোপ্ৰাৰ জীবনৰ আৰু  এটি সপোন  পূৰণ  হ’ল শনিবাৰে। নিজৰ পিতৃ - মাতৃক প্রথম বাৰৰ বাবে বিমানেৰে ভ্রমণ কৰালে  তেওঁ৷ শনিবাৰে  এই কথা  টুইটাৰ যোগে প্ৰকাশ কৰে স্বৰ্ণ বিজয়ী খেলুৱৈগৰাকীয়ে ৷গুৰুত্বপূৰ্ণ কথা এই যে টকিঅ’ অলিম্পিকত নীৰজে সমগ্ৰ দেশলৈ যি গৌৰৱ  কঢ়িযাই আনিলে তাৰ বাবে তেওঁৰ পিতৃ  সতীশ কুমাৰ আৰু সৰোজ দেবীৰ অবদান অতুলনীয় ৷ মূলতঃ মাতৃৰ ইচ্ছাতেই ওজন কমাবৰ  বাবে নীৰজক  খেলাধুলাৰ সৈতে  জড়িত কৰোৱা  হৈছিল ৷ 

উল্লেখযোগ্য যে শনিবাৰে কর্ণাটকৰ বেল্লাৰিৰ এক  অনুষ্ঠানত গৈছিল পিতৃ মাতৃ সহ নীৰজ ৷ টুইটাৰত ফটোসহ এটা পোষ্টত তেওঁ কয় যে ‘আজি মোৰ আৰু এটি সৰু  সপোন  পূৰণ হ’ল, মা-দেউতাক প্রথমবাৰ বিমানত ভ্রমণ কৰাব  পাৰিলো’।উল্লেখযোগ্য যে এই ভ্ৰমণত নীৰজৰ লগত  আছিল তেওঁৰ বিশেষজ্ঞ কোচ ক্লচ বার্তোনিৎজ আৰু   বক্সাৰ  সতীশ কুমাৰ।B

Your Comments