যোগীৰ ঘোষণাৰ পাছতেই মথুৰা-বৃন্দাবনৰ একাংশত মদ-মাংসৰ বিক্রী বন্ধৰ সিদ্ধান্ত প্রশাসনৰ

A

নিউজ ডেস্ক:

যোগী আদিত্যনাথ চৰকাৰৰ ঘোষণাৰ পাছতেই মথুৰাৰ ২২টা ৱাৰ্ডত মদ-মাংসৰ বিক্রী বন্ধ কৰিলে প্রশাসনে। ১০ দিন আগতে মথুৰা-বৃন্দাবন পৌৰসভাৰ অধীনত থকা এই ৱার্ডবিলাকক ‘পবিত্র তীর্থস্থল’ হিচাবে ঘোষণা কৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্রীয়ে। তাৰ পাছতেই এই ঘোষণা কৰিছে  প্রশাসনে।
৩০ আগষ্টত জন্মাষ্টমী উদযাপন কৰোতে  যোগীয়ে কয় যে , মথুৰা -বৃন্দাবন ভগবান শ্রীকৃষ্ণৰ জন্মভূমি। এই এলেকাবোৰত  পবিত্র মন্দিৰ আছে। গতিকে স্থানীয় বাসিন্দাসকলৰ ইচ্ছা গলেই  তাত  মদ-মাংসৰ বিক্রী কৰিব নোৱাৰিব । এই এলেকা বোৰত যিবোৰ মদ-মাংসৰ দোকান আছে  সেইবোৰক অন্য স্থানলৈ স্থানান্তৰ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

Your Comments