হিন্দী ছবিজগতত শোকৰ ছাঁ: অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান

A

নিউজ ডেস্ক :

হিন্দী ছবিজগতৰ বাবে দুখবৰ।প্ৰতিভাৱান অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ অকাল বিয়োগ।হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বৃহস্পতিবাৰে পুৱা মুম্বাই ক'পাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ অভিনেতা গৰাকী।

উল্লেখ্য যে হিন্দী ছবিৰ উপৰিও বহু কেইখন জনপ্রিয় ধাৰাবাহিকত দুৰ্দান্ত অভিনয়ে দৰ্শকৰ মাজত জনপ্রিয় হৈ পৰিছিল সিদ্ধাৰ্থ।

মৃত্যুৰ সময়ত মাতৃৰ লগতে ২ভগ্নীক এৰি থৈ যায় অভিনেতা গৰাকীয়ে।মৃত্যুৰ সময়ত বয়স হৈছিল ৪০ বছৰ।

ইফালে অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই দেশৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰা দেখা গৈছে।

Your Comments