যোৱা ২০১৭ চনৰ ১৬ ডিচেম্বৰত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত নলবাৰী জিলাৰ সোণকানিগাঁও নিৱাসী সমোৰাম তালুকদাৰ আৰু তেওঁৰ পৰিয়ালৰ মুঠ পাঁচগৰাকী ব্যক্তি নিহত হৈছিল ৷ বৰভাগ অঞ্চলৰ এজন আগাশাৰীৰ সমাজকৰ্মী সমোৰাম তালুকদাৰৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোক আজিও শোকাহত কৰি আহিছে ৷ তেওঁৰ পত্নী বৰদা তালুকদাৰ, তিনিগৰাকী বিদূষী কন্যা ক্ৰমে ৰুমী তালুকদাৰ, পম্পী তালুকদাৰ, প্ৰগতি তালুকদাৰ আৰু কণমানি নাতিনী হৰ্ষনন্দিনী কলিতাৰ অকাল বিয়োগ ঘটিছিল এই দুৰ্ঘটনাত ৷
উল্লেখ্য, ৰুমী তালুকদাৰ আছিল অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ পত্নী আৰু সাত বছৰীয়া হৰ্ষনন্দিনী আছিল কলিতাৰ একমাত্ৰ সন্তান ৷ নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ ৰাইজে এই পৰিয়ালটিৰ পৱিত্ৰ স্মৃতিত এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ মানসেৰে শৰৎ কলিতাক সম্পাদক হিচাপে লৈ এখনি সভাত এই স্মৃতিগ্ৰন্থৰ বাবে স্বৰ্গীয় তালুকদাৰ আৰু তেওঁৰ পৰিয়ালৰ সুহৃদ শুভাকাংক্ষীৰ পৰা লিখনি বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সম্পাদক শৰৎ কলিতাই অহা ৩০ অক্টোবৰৰ ভিতৰত পোৱাকৈ নিম্নোলিখিত ঠিকনাত লেখনি প্ৰেৰণৰ বাবে আহ্বান জনাইছে ৷ ঠিকনা –শৰৎ কলিতা, শংকৰদেৱ শিশু নিকেতন, বৰমুৰিকোণা, ডাক- বালিলেছা, জিলা- নলবাৰী, অসম, সূচাংক- ৭৮১৩৩৪, ইয়াৰ উপৰি whatApp যোগে ৯১-৯৬৭৮১-২৮১৪৯ নম্বৰত আৰু karendratulukdar@gmail.com এই ঠিকনাত লেখনি প্ৰেৰণ কৰিব পাৰিব ৷
- Log in to post comments
- 21 views