কামাখ্যা দেৱালয় দৰ্শনাৰ্থীৰ বাবে মুকলি: এইসকলহে পাৰিব যাব, পঢ়ক

A

নিউজ ডেস্ক:


বুধবাৰৰ পৰা দর্শনাৰ্থীৰ বাবে মুকলি হ’ল শক্তিপীঠ কামাখ্যা দেৱালয়।ক'ৰনা ভাইৰাছৰ বাবে যোৱা এপ্ৰিলৰ পৰা   বন্ধ হৈ আছিল দেৱালয়।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নিৰ্দেশনা শিথিলতাৰ পাছতে মুকলি কৰা হয় কামাখ্যা দেৱালয়।
প্ৰতিঘণ্টাত ২০ গৰাকী দর্শনাৰ্থীয়ে দৰ্শন কৰিব পাৰিব দেৱালয়।গুৰুত্বপূৰ্ণ কথা এই যে ক’ভিড ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰা দর্শনাৰ্থীহে প্ৰৱেশ কৰিব পাৰিব দেৱালয়ত।

চৰকাৰৰ বিধি অনুসৰি দেৱালয় কৰ্তৃপক্ষই অৱগত কৰা অনুসৰি ক’ভিড ভেকিচিনৰ দুয়োপালি লোৱা প্ৰমাণপত্ৰ দেখাব লাগিব দৰ্শনাৰ্থী ভক্তসকলে।

Your Comments

Related Articles