মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুমাহৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ জৰিমনা সংগ্ৰহ

A

নিউজ ডেস্ক :


ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলা- চলত গতিবেগ নিৰ্ধাৰণ সন্দৰ্ভত পৰিবহন বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যবাসী অসন্তুষ্ট তথা প্ৰতিবাদৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।দুমাহলৈ সাময়িকভাৱে বন্ধ ৰাষ্ট্ৰীয়  ঘাই পথসমূহত জৰিমনা সংগ্ৰহ।টুইট যোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।


উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ সর্বোচ্চ গতিবেগ ঘণ্টাত ১০০ কিঃমিঃ পর্যন্ত হোৱাৰ লগতে স্পর্শকাতৰ অংশসমূহত প্রতি ঘণ্টাত ৪০ কিঃমিঃ ধার্য কৰাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত উপযুক্ত সচেতনতা গঢ়ি নুঠা পর্যন্ত গতিবেগ উলংঘা কৰা যান-বাহনৰ  কিছুদিনৰ বাবে জৰিমনা সংগ্রহ বন্ধ ৰাখিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।


পথ সজাগতাৰ ওপৰত দুমাহজোৰা জনসচেতনতাৰ ব্যৱস্থা কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ প্ৰদান কৰিছে শৰ্মাই।

ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰিও দুর্ঘটনা প্রৱণ এলেকাসমূহ চিনাক্ত কৰি উক্ত স্থানত পর্যাপ্তসংখ্যক পথ নির্দেশনাৰ ফলক স্থাপন কৰাৰো পৰামৰ্শ প্ৰদান দিয়ে পৰিবহন বিভাগক।সমান্তৰালকৈ ঘাইপথৰ কাষত থকা শিক্ষানুষ্ঠান, চিকিৎসালয় তথা স্পর্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি উক্ত স্থানত উপযুক্ত আৰু দৃশ্যমান ৰূপত পথ নির্দেশনাৰ ফলক স্থাপন ব্যৱস্থাৰো নির্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।এই কামসমূহ ৩মাহৰ ভিতৰত সম্পূর্ণ কৰিবলৈ লগতে কয়।

Your Comments