দলিত খেলুৱৈ থকাৰ বাবেই ভাৰতৰ মহিলা দল পৰাস্ত হোৱা বুলি মন্তব্য কৰি দলটোৰ পৰাজয়ত উল্লাস প্ৰদৰ্শন দুই যুৱকৰ

Vandana

অলিম্পিক বিশ্বৰ সকলোতকৈ বৃহৎ খেলৰ প্লেটফৰ্ম ৷ তাত খেলিবলৈ সুযোগ পোৱাটোও যথেষ্ট ডাঙৰ কথা ৷ তেনেস্থলত ব্ৰঞ্জৰ পদকৰ বাবে খেলিবলৈ সক্ষম হোৱা ভাৰতীয় দলটো পৰাস্ত হোৱাত তথাকথিত উচ্চজাতৰ বুলি নিজকে গণ্য কৰা অতি নিচ মানসিকতাৰ দুজন যুৱকে দলটোৰ খেলুৱৈ উত্তৰ প্ৰদেশৰ বন্দনা কাটাৰিয়াৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই কটু বাক্য নিক্ষেপ কৰি ভাৰতৰ পৰাজয়ৰ আনন্দত নৃত্য প্ৰদৰ্শন কৰে। যুৱক দুজনৰ কয় ‘হকী দলটোত বহু দলিত খেলুৱৈ থকাৰ বাবে ভাৰত পৰাস্ত হ’ল।’ 

Uttar Pradesh

ঘটনা সন্দৰ্ভত বন্দনাৰ পৰিয়ালে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ৷ বন্দনাৰ ভাতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ভাৰতৰ খেলখন সমাপ্ত হোৱাৰ পিছতে ঘৰৰ বাহিৰত আতচবাজীৰ শব্দ শুনা পোৱা গৈছিল আৰু গাওঁখনৰ দুজন উচ্চ বৰ্ণৰ যুৱকে বাহিৰত নাচি থকা দেখা পোৱা গৈছিল। যুৱক দুজনে ভাৰতীয় দলটোৰ পৰা দলিত খেলুৱৈসকলক দূৰত ৰাখিব লাগে বুলিও মন্তব্য কৰে।

ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্ত দুটাক আটক কৰিবলৈ আৰক্ষী সক্ষম হৈছে।

Your Comments