আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে e-RUPI

Narendra Modi

২ আগষ্ট সোমবাৰে আবেলি ৪.৩০বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কণ্ফাৰেন্সৰ জৰিয়তে মুকলি কৰে ডিজিটেল পেমেণ্ট ছলিউচন তথা ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমৰ (NPCI) দ্বাৰা বিকশিত এক প্ৰিপেইড ই-ভাউচাৰ e-RUPI বা ই-ৰূপী।  

e-RUPIএ Cashless/Contactless Paymentৰ সুবিধা প্ৰদান কৰিব । ই-ৰূপী হৈছে এক কিউআৰ কোড বা এছএমএছ ষ্ট্ৰিং-আধাৰিত ই-ভাউচাৰ যাক হিতাধিকাৰীৰ ম'বাইললৈ প্ৰদান কৰা হয়। এই এককালীন পৰিশোধ প্ৰণালীৰ ব্যৱহাৰকাৰীসকলে সেৱা প্ৰদানকাৰীৰ ওপৰত কাৰ্ড, ডিজিটেল পেমেণ্ট এপ্প বা ইণ্টাৰনেট বেঙ্কিঙত প্ৰৱেশ নকৰাকৈ ভাউচাৰ ৰিডিম কৰিবলৈ সক্ষম হ'ব।

উল্লেখ্য যে এই ই-ৰূপী বৰ্তমান স্বাস্থ্য সেৱাৰ সৈতেও সংযুক্ত কৰা হৈছে ৷

Your Comments