নগাঁৱৰ ঘাঁহীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ 

নগাঁৱৰ ঘাঁহীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ 

নগাঁৱৰ ঘাঁহী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি ঘাঁহী আঞ্চলিক সমিতিৰ প্ৰতিবাদী কাৰ্যসুচী ৰূপায়িত হয়। । বি.জে.পি, আৰ এছ এছ, বনিয়া গোষ্ঠী মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰে ঘাঁহী ৰাজপথ । কৃষিভূমি অনা কৃষি কাৰ্যত ব্যৱহাৰ নকৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ঘাঁহী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । বিগত কেইবছৰ পূৰ্বে প্ৰায় ৫০০০ হাজাৰ বিঘা কৃষিভূমি কৃষক ৰাইজৰ পৰা ক্ৰয় কৰিছিল নগাঁৱৰ কেইবাটাও বনিক গোষ্ঠীয়ে । কৃষি ভূমি ক্ৰয় কৰা সময়ত প্ৰতিশ্ৰুতি দিছিলে যে সেই মাটি কৃষি কাৰ্য্যত ব্যৱহৃত হ'ব ৷

কিন্তু সেই প্ৰতিশ্ৰুতি নাৰাখি বৰ্তমান সেই স্থানত উদ্যোগ নিৰ্মানৰ বাবে পাৰম্ভিক পৰ্যায়ৰ কাম আৰম্ভ কৰিছে বনিক গোষ্ঠীয়ে । যাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টী হৈছে অঞ্চলটোৰ কৃষকসকলৰ মাজত । যাৰ ফলশ্ৰুতিত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ণ কৰে । আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদ মাধ্যমৰ জড়িয়তে ৰাজহ চক্ৰ বিভাগ তথা কৃষি বিভাগক সকিয়াই দিছে, যদি উক্ত কৃষিভূমিত উদ্যোগ স্থাপন হয় তেন্তে পৰবৰ্ত্তী সময়ত জংগী আন্দোলন গঢ়ি তুলিব । প্ৰতিবাদস্থলীত আৰক্ষীৰ অৰ্ধসামৰিক বাহিনী উপস্থিত হয় । পিছত প্ৰতিবাদস্থলীত উপষ্ঠিত হোৱা ৰহা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজহ মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰন কৰে ।

Your Comments