ৰাষ্ট্ৰপতি কোবিন্দৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-পাকিস্তান সীমান্তত লস্কৰ-ই-তৈবাৰ আক্ৰমণ

Drone

লস্কৰ-ই-তৈবাৰ জন্মু – কাশ্মীৰত এক ভয়াবহ দ্ৰোন আক্ৰমণৰ প্ৰচেষ্টাক ব্যৰ্থ কৰে নিৰাপত্তাৰক্ষীয়ে ৷ জানিব পৰা অনুসৰি প্ৰায় ৫ কিল’গ্ৰাম আই ই ডি কঢ়িয়াই অনা এখন দ্ৰোন পাকিস্তানৰ দিশৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছিল ৷ 

উল্লেখ্য যে, কাশ্মীৰ আৰক্ষীয়ে আখনোৰৰ গুৰাহ পট্টন অঞ্চলত গুলীয়াই দ্ৰোনখন নষ্ট কৰে ৷ ফলত সন্ত্ৰাসবাদী দলটোৰ প্ৰচেষ্টা ব্যৰ্থ হয় ৷ এই ঘটনা ভাৰত-পাকিস্তান সীমান্তৰ এল অ’ চিৰ নিচেই কাষতে সংঘটিত হয় ৷ সন্দেহ কৰা হৈছে লস্কৰ –ই – তৈবাৰ সন্ত্ৰাসবাদীয়ে দ্ৰোনৰ যোগেদি ভাৰতীয় বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ চেষ্টা চলাইছিল ৷

উল্লেখ যোগ্য যে দুদিনৰ পিছতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ জন্মু-কাশ্মীৰ আৰু লাডাখ ভ্ৰমণলৈ অহাৰ কথা ৷ 

Your Comments