গোলাঘাটত সংখ্যালঘূ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

golaghat

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ পৰা ৫ খন নথি প্ৰত্যাহাৰৰ বাবে ন্যায়ালয়ত শপতনামা দাখিল কৰা কাৰ্যৰ প্ৰতিবাদ । এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিৰুধীতা কৰি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে গোলাঘাট জিলা আমছুয়ে । আজি গোলাঘাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমছুৰ সমৰ্থকে বিভিন্ন শ্লোগানেৰে সংগঠনটোৱে উত্তাল কৰি তোলে গোলাঘাট নগৰ । প্ৰতিবাদকাৰীসকলে প্ৰতীক হাজেলা হায়! হায়! আমাৰ দাবী মনিবই লাগিব আদি শ্লোগানেৰে গোলাঘাটৰ আকাশ বতাহ কঁপাই তোলে । উল্লেখযোগ্য যে গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে আমছুৰ জিলা সমিতি য়ে ভাৰত চৰকাৰৰ পঞ্জীয়কলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Your Comments