ৰঙাচকুৱা ষ্টেট বেংকত কৰ্মচাৰীৰ অভাৱ,  দুৰ্দশাত ভুগিছে গ্ৰাহক ৰাইজ

state_bank

শোণিতপুৰ জিলাৰ নদুৱাৰৰ উওৰ অঞ্চলৰ ৰঙাচকুৱাত ভাৰতীয় ষ্টেট বেংক শাখাটোত বহু দিন ধৰি কৰ্মচাৰীৰ অভাৱত সাধাৰণ জনতাই যান্ত্ৰনাত ভুগিছে ৷ উওৰ নদুৱাৰৰ এই ৰঙাচকুৱা ষ্টেট বেংক শাখাটোলৈ টৌভঙা, মৰিসূতি, টুপীয়া, ধলাইবিল, ইটাখোলা, বালিজুৰি আদি বহু কেইখন ভিতৰুৱা গাৱঁৰ পৰা কৃষক, ক্ষুদ্ৰ চাহ খেতিয়ক লগতে বহু ব্যৱসায়-বাণিজ্যৰ লগত জড়িত লোকসকলৰ উপৰিও চৰকাৰী কৰ্মচাৰী আদিয়ে বেংকৰ লেনদেনৰ ক্ষেত্ৰত বহুমূলীয়া সময় নষ্ট কৰি আহিছে ৷

বেংকটোত কৰ্মচাৰীৰ অভাৱৰ লগতে বৰ্তমানে কৰ্মৰত যিকেইজন কৰ্মচাৰী আছে তেওঁলোকৰ দায়িত্বহীনতাত সাধাৰণ ৰাইজে গুৰুত্বপূৰ্ণ কাম কৰিব নোৱাৰি উভতি আহিব লগা পৰিস্থিতিৰ উদ্ভব হৈ আহিছে ৷ মনকৰিবলগীয়া যে ৰঙাচকুৱা ষ্টেট বেংক শাখাটোত বৰ্তমানে মাএ চাৰিগৰাকী কৰ্মচাৰীয়েহে সেৱা আগবঢ়াই আহিছে ৷ এইক্ষেত্ৰত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা সাধাৰণ ৰাইজে শীঘ্ৰে ৰঙাচকুৱা শাখাটোত প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰী নিযুক্তি দিব লাগে বুলি ভাৰতীয় ষ্টেট বেংকৰ কতৃপক্ষক দাবী জনাইছে ৷

Your Comments