১৫ জুলাইত ডিস্ক’ভাৰীত সম্প্ৰচাৰিত হ’ব অসম আৰক্ষীৰ ‘বীৰাংগনা’ক লৈ কৰা ছাৰা আলী খানৰ তথ্যচিত্ৰ

sara ali khan

ভাৰতীয় বোলছবি জগতৰ নৱাগতা অভিনেত্ৰী তথা চেইফ আলী খানৰ জীয়ৰী ছাৰা আলী খান শনিবাৰে উপস্থিত হয় গুৱাহাটীত। উল্লেখ্য যে এই ক’ৰ’না পৰিস্থিতিৰ সময়তো অভিনেত্ৰী গৰাকী গুৱাহাটীলৈ অহাৰ কাৰণটো হ’ল অসম আৰক্ষীৰ মহিলা কামাণ্ডো বেটেলিয়ন “বীৰাংগনা” বিষয়ক এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা ৷ 

Sara Ali Khan as Virangana

জানিব পৰা অনুসৰি উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ অসম আৰক্ষীৰ মহিলা কামাণ্ডো বেটেলিয়নত শ্বুটিং হোৱা এই তথ্যচিত্ৰখনত এগৰাকী বীৰাংগনাৰ ভূমিকাত অভিনয় কৰিছে ছাৰা আলী খানে। অভিনেত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ মহিলা কামাণ্ডো বেটেলিয়নৰ বিষয়াসকলৰ লগত মত-বিনিময়ৰ কৰাৰ লগতে বীৰাংগনাসকলৰ প্ৰশিক্ষণতো অংশগ্ৰহণ কৰে ।

শনিবাৰে ৰাতি গুৱাহাটীতে কটোৱাৰ পিছত দেওবাৰে নীলাচল পাহাৰত থকা মা কামাখ্যা মন্দিৰো দৰ্শন কৰে অভিনেত্ৰী গৰাকীয়ে। 

গুৰুত্বপূৰ্ণ যে, অসম আৰক্ষীৰ মহিলা কামাণ্ডো বেটেলিয়নৰ ওপৰত কৰা তথ্যচিত্ৰখন অহা ১৫ জুলাই, ২০২১ তাৰিখে ডিস্ক’ভাৰী চেনেলত সম্প্ৰচাৰিত হ’ব।

Your Comments