অইল ইণ্ডিয়াক সকীয়নী প্ৰদান আলফা স্বাধীনৰ , কিন্তু কিয় পঢ়ক

A

নিউজ ডেস্ক :

অইল ইণ্ডিয়াক সকীয়নী সংযুক্ত মুক্তি বাহিনী অসমৰ।চাকৰি দিয়াৰ নামত জিলা ভিত্তিত বৈষম্য সৃষ্টি নকৰিবলৈ উগ্ৰপন্থী সংগঠনটোৱে সকীয়নী প্ৰদান কৰিছে।সংগঠনৰ ফালৰ পৰা অইল ইণ্ডিয়া কৰ্তৃপক্ষ লৈ বিবৃত্তিৰ জৰিয়তে জাৰি কৰিছে সকীয়নী।

শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু অৰুণাচলৰ চাংলাং জিলাৰ প্ৰাৰ্থীৰ বাবে অইল ইণ্ডিয়া কৰ্তৃপক্ষই নিযুক্তি বিজ্ঞাপন জাৰি কৰিছিল।১২০ টা তৃতীয়বৰ্গ পদৰ বাবে অইলে বিজ্ঞাপন জাৰি কৰিছিল।উক্ত বিজ্ঞাপন সন্দৰ্ভতে সংগঠনটোৱে সকীয়নী প্ৰদান কৰিছে।

সংগঠনটোৱে অসমত গঢ়ি উঠা উদ্যোগ-প্ৰতিষ্ঠানে অসমৰ সকলো জিলাৰ প্ৰাৰ্থীক সমভাৱে নির্বাচনৰ দাবী জনাইছে। যোগ্য প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ সকীয়নী নিষিদ্ধ সংগঠনটোৰ।

Your Comments