মৰিয়নি চেলেংহাটৰ মাতৃগৃহত উপস্থিত হ’ল বিধায়ক অখিল গগৈ। বিগত ডেৰ বছৰৰ পিছত মাতৃৰ কাষত কাৰাবন্দী বিধায়কজন। আদালতৰ বিশেষ অনুমতি লৈ মাতৃ প্ৰিয়দা গগৈৰ কাষত বিধায়ক পুত্ৰ অখিল। শনিবাৰে নিশাটো মাতৃগৃহত থাকিব গগৈ। দেওবাৰে পুনৰ সন্ধিয়া আদালতৰ নিৰ্দেশনা অনুসৰি গুৱাহাটীত হাজিৰ হ'ব লাগিব।
আনহাতে, স্বগৃহত সংগ্ৰামী নেতা গৰাকীক আদৰিবলৈ মৰিয়নিৰ বিভিন্ন প্ৰান্তৰ শুভাকাংক্ষী সকল আহি বাসগৃহৰ সন্মুখত ভিৰ কৰে। আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত গুৱাহাটীৰ পৰা গগৈক লৈ যোৱা হয় মৰিয়নিৰ ঘৰখনলৈ।
মাতৃৰ কাষত উপস্থিত হৈ আবেগিক হৈ পৰে বিধায়ক গগৈ- 'চিকিৎসকৰ সৈতে কথা পাতি মাৰ চকুৰ অস্ত্ৰোপচাৰ এতিয়া কৰাব লাগিব। মই নহাৰ বাবে মায়ে অস্ত্ৰোপচাৰ কৰোৱা নাছিল। কোনোদিনে বিধায়ক হম বুলি ভবা নাছিলো। বিধায়ক বুলি এতিয়াও নাভাবোঁ। মোক জেলত থাকোতে জিকাইছে ৰাইজে। শিৱসাগৰবাসী ৰাইজৰ প্ৰকৃত আকাংক্ষা, উন্নয়নৰ আকাংক্ষা পূৰণৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিম'।
"এমএলএ ভেমত মোক কেতিয়াও নাপায়। নাপাব দুৰ্নীতি, দুইনম্বৰী কামত। মানুহ হিচাপে মানুহৰ বাবে কাম কৰিম।পূৰ্বৰ সংগ্ৰামী সত্তা সদায় জীয়াই ৰাখিম মোৰ মাৰ শপত"- মাতৃক কাষত লৈ শপত খাই কয় গগৈয়ে। অসমৰ জনতাৰ বিৰুদ্ধে কাম নকৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক গৰাকীয়ে।
ইফালে মাতৃৰ হাতেৰে কি খাব বুলি সাংবাদিকে কৰা প্ৰশ্নত গগৈয়ে কয় -“জেলত থাকোতে মাৰ হাতৰ গাঁঠি দিয়া মৰা শাক আৰু ভলুকা বাঁহৰ গাজৰ আঞ্জাখনলৈ মনত পৰিছিল । মায়ে যি ৰান্ধিলেও ভাল লাগে। মাৰ হাতৰ সোৱাদ কোনো পঞ্চতাৰকা হোটেলত পোৱা নাই। মই ঘৰখনত নাই বজাৰ কৰাও হয়তো হোৱা নাই। মায়ে যিয়ে ৰান্ধিছে তাকে তৃপ্তিৰে খাম।"
“শিৱসাগৰ সমষ্টিৰ যিসকল ৰাইজ আহিছে তেওঁলোকৰ সৈতে আজি কথা পাতিম। শিৱসাগৰলৈ যোৱাৰ অনুমতি বিচাৰিছিলো।আদালতে সেই অনুমতি নিদিলে।কিন্তু মোৰ বিশ্বাস কম সময়ৰ ভিতৰতে ছুটী লৈ আহিম হয়তো জামিন পাম তেতিয়া পোনে পোনে সমষ্টিলৈ যাম ৷” - লগতে গগৈয়ে কয় ৷
- Log in to post comments
- 16 views